তৃতীয় বাৰৰ কাৰণে ভাৰতক দোষী সাব্যস্ত ৰঙা চীনৰ

19THBIHAR MARTYR

গালৱান উপত্যকাত ভাৰতৰ ২০ জন সেনা জোৱান শ্বহীদ হোৱাৰ পিছতে সক্ৰিয় হৈছে ভাৰত ৷ বায়ুসেনাবাহিনীৰ মাৰ্চেল আৰ কে এচ ভদোৰিয়া বুধবাৰে লাডাখলৈ গৈ পৰিস্থিতি নিৰীক্ষণ কৰে ৷ লগতে বায়ুসেনা বাহিনীৰ মুখ্য বিষয়াই ১৭ জুনত লাডাখ যোৱাৰ লগতে ১৮ জুনত শ্ৰীনগৰলৈ যাত্ৰা কৰে ৷ ইপিনে চীন সীমান্তক লৈ প্ৰস্তুতি চলি থকাৰ সময়তে ভাৰতক দোষী সাব্যস্ত কৰিবলৈ এৰা নাই ৰঙা চীনে ৷ বৈদেশিক মন্ত্ৰী ঝাঅ’ লিজিয়নে শুক্ৰবাৰে পুনৰ চতুৰ্থ বাৰৰ কাৰণে ভাৰতক দোষ দি কয় “শুদ্ধ কি অশুদ্ধ কি সেয়া প্ৰমাণ হৈছে ৷ যি হ’ল, তাৰ কাৰণে সম্পূৰ্ণ দোষী ভাৰত ৷”

অৱশ্যে এতিয়াও ভাৰত চীনৰ সংঘৰ্ষক লৈ আলোচনা কৰি আছে দুয়োখন দেশে ৷ আনহাতে ভাৰত চীন সীমান্ত সংঘৰ্ষৰ মাজতে সৰৱ হৈ আছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ৷ এইবাৰ ৰাহুল গান্ধীয়ে কয় “গালৱানত চীনৰ আক্ৰমণ পূৰ্ব পৰিকল্পিত আছিল ৷ চৰকাৰ ঘোৰ নিদ্ৰাত ৷ তেওঁলোকে সমস্যাক বুজিয়ে পোৱা নাই ৷ ইয়াৰ ফল ভোগ কৰিলে শ্বহীদ হোৱা বীৰ জোৱানসকলে ৷ উল্লেখযোগ্য যে, সোমবাৰে গালৱান উপত্যকাত হোৱা সংঘৰ্ষৰ পাছত দুয়ো দেশৰ মাজত ধাৰাবাহিক বৈঠক অনুষ্ঠিত হৈছে ৷ কিন্তু চীনা সেনা বাহিনীৰ আঁকোৰগোজ স্থিতিৰ কাৰণে সকলো বৈঠক মূল্যহীন হৈ পৰিছে ৷

Exit mobile version