মহামাৰীৰ সুবিধা লৈ ষড়যন্ত্ৰ কৰিছে ৰঙা চীনেঃ আমেৰিকা

x0PSMMG

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ সময়তে চীনে নিজৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে ৷ ভাৰতৰ লগত গালৱান উপত্যকাত হোৱা সংঘৰ্ষই চীনৰ বহু তথ্য মুকলি কৰি দিলে ৷ চীনৰ প্ৰতি এই অভিযোগ আমেৰিকাৰ পূৱ এছিয়াৰ সচিব ডেভিড ষ্টিলৱেলৰ ৷ লগতে এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে ষ্টিলৱেলে কয় যে যিসময়ত সমগ্ৰ বিশ্ব কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে ৷ সেই সময়তে চীনৰ বিশ্বৰ এই আতংকিত হৈ থকা পৰিস্থিতিৰ সুবিধা লৈছে ৷ উল্লেখযোগ্য যে ১৫ জুনত নিশা চীনা সৈন্যই লাডাখৰ গালৱান উপত্যকাত ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণত ভাৰতৰ ২০ জন সেনা জোৱান শ্বহীদ হয়। লগতে চীনৰ প্ৰায় ৪০ জন জোৱান নিহত হয় । ইয়াৰ পিছত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়োই শ্বহীদ হোৱা ভাৰতীয় সেনাসকলৰ কাৰণে শোক ব্যক্ত কৰাৰ লগতে। তেওঁলোকৰ পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছিল।

অৱশ্যে এতিয়াও লাডাখৰ ভাৰত চীন সীমান্তৰ পৰিস্থিতি শান্ত হোৱা নাই। উত্তেজনা প্ৰশমনৰ বাবে এখনৰ পিছত আনখন বৈঠকত দুয়ো দেশৰ বিভিন্ন পৰ্যায়ৰ সেনা বিষয়া মিলিত হৈছে যদিও এইমুহুৰ্তলৈ কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ যোৱা মংগলবাৰৰ পৰা বৈঠক অব্যাহত আছে যদিও সমাধানসূত্ৰ সূদুৰ পৰাহত হৈয়ে আছে ৷ গালৱান উপত্যকাত উভয় পক্ষৰ সেনা প্ৰত্যাহাৰৰ বিষয়টোক লৈ পৰহি হোৱা বৈঠক অমিমাংসিত হৈ থকাৰ পাছত পুনৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত মিলিত হয় দুয়োপক্ষ । গালৱান উপত্যকাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত যি অঞ্চলত দুই দেশৰ সেনা ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হৈছিল সেই অঞ্চলতে বৈঠক অনুষ্ঠিত হৈছে ৷ চীনে এই পৰ্যন্ত ভাৰত ভূখণ্ডৰ পৰা সেনা প্ৰত্যাহাৰ নকৰি আকোৰগোঁজ হৈ আছে ৷

এই স্থিতিৰ পৰা চীন সামান্যও পিছ হোঁহকা নাই বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ। যোৱা ১৫ জুনৰ ৰক্তাক্ত সংঘৰ্ষৰ পূৰ্বৰে পৰাই এনে শান্তি আলোচনা অব্যাহত আছিল ৷ এই পৰিস্থিতিত পৰৱৰ্তী পদক্ষেপ ভাৰতৰ বাবে কি হ’ব, যুদ্ধ নেকি? চীনে কেনে স্থিতি ল’ব পাৰে ? নৰেন্দ্ৰ মোদী চৰকাৰে ৰাইজৰ আবেগৰ স’তে আগবাঢ়ি যাব নে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিব? এনে বিভিন্ন চৰ্চা চলি থকাৰ সময়তে দেশ বিদেশৰ বিশেষজ্ঞসকলে ইয়াকে লৈ দ্বিধাবিভক্ত মত প্ৰকাশ কৰিছে । ভাৰতৰ দাবী অনুসৰি দেশৰ ভূভাগত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি কে’বা কিলোমিটাৰ ভিতৰলৈ প্ৰবেশ কৰিছে চীনা সেনা । এই সেনাবল আঁতৰাই নিয়াৰ সম্পৰ্কতে দুয়োপক্ষৰ মাজত আলোচনা চলিছে বুলি প্ৰকাশ।

Exit mobile version