সেনাক ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ স্বাধীনতা দিল্লীৰ

Indian Army PTI

লাডাখৰ ভাৰত চীন সীমান্তৰ পৰিস্থিতি শান্ত হোৱা নাই । উত্তেজনা প্ৰশমনৰ বাবে এখনৰ পিছত আনখন বৈঠকত দুয়ো দেশৰ বিভিন্ন পৰ্যায়ৰ সেনা বিষয়া মিলিত হৈছে যদিও এইমুহুৰ্তলৈ কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ যোৱা মংগলবাৰৰ পৰা বৈঠক অব্যাহত আছে যদিও সমাধানসূত্ৰ সূদুৰ পৰাহত হৈয়ে আছে ৷ গালৱাল উপত্যকাত উভয় পক্ষৰ সেনা প্ৰত্যাহাৰৰ বিষয়টোক লৈ পৰহি হোৱা বৈঠক অমিমাংসিত হৈ থকাৰ পাছত পুনৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত মিলিত হয় দুয়োপক্ষ। গালৱান উপত্যকাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত যি অঞ্চলত দুই দেশৰ সেনা ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হৈছিল সেই অঞ্চলতে বৈঠক অনুষ্ঠিত হৈছে ৷ চীনে এই পৰ্যন্ত ভাৰত ভূখণ্ডৰ পৰা সেনা প্ৰত্যাহাৰ নকৰি আকোৰগোঁজ হৈ আছে ৷এই স্থিতিৰ পৰা চীন সামান্যও পিছ হোঁহকা নাই বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ।

যোৱা ১৫ জুনৰ ৰক্তাক্ত সংঘৰ্ষৰ পূৰ্বৰে পৰাই এনে শান্তি আলোচনা অব্যাহত আছিল ৷ এই পৰিস্থিতিত পৰৱৰ্তী পদক্ষেপ ভাৰতৰ বাবে কি হ’ব,যুদ্ধ নেকি? চীনে কেনে স্থিতি ল’ব পাৰে ? নৰেন্দ্ৰ মোদী চৰকাৰে ৰাইজৰ আবেগৰ স’তে আগবাঢ়ি যাব নে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিব? এনে বিভিন্ন চৰ্চা চলি থকাৰ সময়তে দেশ বিদেশৰ বিশেষজ্ঞসকলে ইয়াকে লৈ দ্বিধাবিভক্ত মত প্ৰকাশ কৰিছে । ভাৰতৰ দাবী অনুসৰি দেশৰ ভূভাগত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি কে’বা কিলোমিটাৰ ভিতৰলৈ প্ৰবেশ কৰিছে চীনা সেনা ।

এই সেনাবল আঁতৰাই নিয়াৰ সম্পৰ্কতে দুয়োপক্ষৰ মাজত আলোচনা চলিছে বুলি প্ৰকাশ । বিগত ৪৫ বছৰীয়া ইতিহাসত প্ৰাণহানিৰ নৃশংস দৃষ্টান্ত গঢ়ি তুলিলে গালৱানে। ২০ জন ভাৰতীয় জোৱানৰ নৃশংস হত্যাৰ পাছত দুয়ো দেশৰ মাজত চলি থকা ধাৰাবাহিক বৈঠকৰ কোনো ফল ধৰা নাই ৷ এতিয়াও গালৱানত বাহৰ পাতি আছে ৰঙা চীন ৷ চীনা সেনাবাহিনীৰ আঁকোৰগোজ মনোভাৱৰ কাৰণে আলোচনা অৰ্থহীন হৈ পৰিছে ৷ বিশেষজ্ঞসকলৰ মতে”এই মুহুৰ্তত গালৱান উপত্যকাত দুই দেশৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিতাৱস্থা সলনি কৰিব বিচৰা নাই চীনে ৷ চীনে অলপ অলপকৈ ভূমি হস্তগত কৰাৰহে কৌশল ব্যৱহাৰ কৰিছে।

সেনাক স্বাধীনতাঃ বিশেষ বৰ্ম
অৱশ্যে উত্তেজনা প্ৰশমিত কৰাৰ বাবে দ্বিপাক্ষিক আলোচনাৰ মাজতো প্ৰকৃত নিয়ন্ত্ৰণৰেখাত দুইপক্ষৰ সামৰিক প্ৰস্তুতি তুংগত আছে। সূত্ৰত প্ৰকাশ যে নতুন দিল্লীৰ পৰা সেনাক প্ৰয়োজন অনুসাৰে ৰছদ পাতি ক্ৰয়ৰ অনুমোদন দিয়া হৈছে । তদুপৰি নিয়ন্ত্ৰণৰেখাত কৰ্তব্যৰত সেনাৰ বাবে “বডি আৰম”বা বিশেষ ধৰণৰ বৰ্ষৰ দৰে পোচাক প্ৰেৰণ কৰা হৈছে । আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষীয়ে পৰিধান কৰা বিশেষ বৰ্ষসদৃশ এই পোচাকে অৱশ্যে চোকা অস্ত্ৰৰ আঘাত ৰুধিব পাৰিব।

Exit mobile version