বুধবাৰে বিয়লি ৫-৩০ বজাত মাৰাত্মক ক’ভিড-১৯ত আক্ৰান্ত হৈ দিল্লীত আকস্মিক ভাবে মৃত্যু বৰণ কৰিছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ যুৱতী ছোনীয়া দেউৰী । কিন্তু দুৰ্ভাগ্যজনক কথা যে ছোনীয়া দেউৰীৰ চিকিৎসাৰ ক্ষেত্ৰত চা ৰ দৰে লাগি থকা বান্ধবী জ্যোতি মজুমদাৰৰো আজি ক’ভিড-১৯ প’জিটিভ ধৰা পৰে । জ্যোতিৰ লগতে ককায়েক অভিজিৎ কুমাৰ মজুমদাৰৰো একেলগে ধৰা পৰিছে ক’ভিড-১৯ প’জিটিভ । এই ঘটনাই নাৰায়ণপুৰৰ ছোনীয়া দেউৰীৰ পৰিয়ালটো প্ৰভাৱ পৰিছে । দুখত ভাগি পৰিছে ছোনীয়াৰ পৰিয়াল বৰ্গ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে দুয়ো ভাতৃ-ভগ্নীয়ে সোনকালে আৰোগ্য লাভ কৰে । যি গৰাকী জ্যোতিয়ে বান্ধৱী ছোনীয়াক দিল্লীৰ বে-চৰকাৰী চিকিৎসালয়ে- চিকিৎসাযলয়ে ঘুৰাই ফুৰিছিল সেই গৰাকী বান্ধৱীৰ ক’ভিড প’জিটিভ ধৰা পৰাত আজি চিন্তিত হৈ পৰিছে ছোনীয়াৰ পৰিয়াল বৰ্গ । উল্লেখ্য যে ২০০৭ চনৰে পৰা ছোনীয়াৰ লগত একেলগে থকা জ্যোতি মজুমদাৰৰ ঘৰ উত্তৰ প্ৰদেশৰ এলাহাবাদৰ প্ৰতাপগড় জিলাত । ছোনীয়াৰ ভাতৃ ডিপ্ল’মেন দেউৰীয়ে ছোনীয়াৰ সহপাঠী ভাতৃ ভগ্নী দ্বয়ক সহায় কৰিবৰ বাবে সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে ৷ ইপিনে দিল্লীত ছোনীয়াৰ চিকিৎসাৰ লগত জড়িত আত্মীয় এটি দেউৰী পৰিয়ালৰো স্বাস্থ্য ভাল নহয় বুলি জনাইছে ছোনিয়াৰ পৰিয়ালেে ৷
ছোনীয়া দেউৰীৰ পৰিচৰ্যাকাৰী ভাতৃ ভগ্নী ও আক্ৰান্ত কভিড ১৯ ত : ছোনীয়াৰ পৰিয়ালৰ সহায়ৰ আহ্বান
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026