মহামাৰী কৰ’নাঃ নিয়ম সলনি কৰিবলৈ বাধ্য ৰামনুজনৰ কৰ্তৃপক্ষ

unnamed 2

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰতিবাৰেই সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা নগাঁও চহৰৰ ৰামানুজন জুনিয়ৰ কলেজত ম’বাইল ফোন অথবা লেপটপ ছাত্ৰ-ছাত্ৰীৰ বাবে নিষিদ্ধ হোৱাৰ বাতৰিয়ে প্ৰতিবাৰেই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে । জুনিয়ৰ কলেজখনৰ অধ্যক্ষ গৰাকীৰ মতে এন্ড্ৰইড ম’বাইল ফোন, লেপটপ আৰু ইণ্টাৰনেটে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে যিকোনো ছাত্ৰ-ছাত্ৰীৰে পঢ়াৰ প্ৰতি একাগ্ৰতা হ্ৰাস কৰে ।

ফলস্বৰূপে প্ৰতিবছৰেই বহু ছাত্ৰ-ছাত্ৰীক গোপনে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ বাবে শাস্তি দিয়াৰ লগতে বহু দামী এন্ড্ৰইড ফোন নষ্ট কৰি পেলোৱা হয়। আনকি কলেজখনত নামভৰ্তি কৰাবলৈ অহা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলকো তেনে ম’বাইল ফোনসমূহ দেখুৱাই সন্তানক ম’বাইল ফোন নিদিবৰ বাবে সকীয়নি প্ৰদান কৰা হয়। কিন্তু এইবাৰ অতিমাৰী কৰ’ণা ভাইৰাছে ৰামানুজনৰ নিয়ম পৰিৱৰ্তন কৰিবলৈ বাধ্য হ’ল অধ্যক্ষ ৷ কাৰণ এইবাৰ ৰামানুজন জুনিয়ৰ কলেজত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক অধ্যক্ষ দিলীপ বৰাই এন্ড্ৰইডম’বাইল ফোন ক্ৰয় কৰাৰ কাৰণে পৰামৰ্শ দিছে। কাৰণ কৰ’ণাৰ সংক্ৰমণৰ বাবে বহুদিনলৈকে অনলাইন ক্লাছৰ জৰিয়তে পাঠদান কৰা হ’ব প্ৰায়বোৰ শিক্ষানুষ্ঠানতে।

ৰামানুজন জুনিয়ৰ কলেজটো অনলাইন ক্লাছৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিয়া হ’ব। এনে পৰিস্থিতিত এনড্ৰইদ ম’বাইল ফোন অবিহনে ছাত্ৰ-ছাত্ৰীসকলে পাঠদান গ্ৰহণ কৰাটো অসম্ভৱ। যাৰ পৰিণতিত এইবাৰ ৰামানুজনৰ অধ্যক্ষই পূৰ্বৰ কঠোৰ নিয়ম সলনি কৰিবলৈ বাধ্য হৈছে। বৰ্তমান ৰামানুজনত নামভৰ্তি কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে অনলাইন ক্লাছৰ জৰিয়তে নিজৰ এনড্ৰ’ইড ম’বাইলতে আৰম্ভ কৰিব পাৰিব নতুন পাঠ্যক্ৰমৰ। সেয়ে সকলোৱে ইয়াক কৰ’নাৰ পাৰ্শ্বক্ৰিয়া বুলিয়ে অভিহিত কৰিছে ৷

Exit mobile version