লেহত যুঁজৰু বিমানৰ কুচকাৱাজ

Apache helicopters Wikimedia Commons e1582873278562

বিমান আক্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় বায়ুসেনা বাহিনী ৷ লাডাখ সীমান্তত চীনা সৈন্যবাহিনীৰে সৃষ্টি হোৱা চৰম উত্তেজনাৰ মাজতে এইবাৰ ভাৰতীয় বায়ুসেনাই গালৱান উপত্যকাত যুদ্ধ বিমানৰ অৱস্থান আৰম্ভ কৰিছে । এখনৰ পাছত আনখন যুদ্ধ বিমান নমাইছে ভাৰতে ৷ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কুচকাৱাজ চলাইছে ভাৰতৰ আক্ৰমণকাৰী হেলীকপ্তাৰ আৰু টহলদাৰী বিমানে ৷ এইদৰে এক সামৰিক কৌশল ৰচনা কৰিছে ভাৰতে ৷ লেহ বিমানকোঠৰ পৰা দৌলতবেগ অ’ল্ডিৰ বিমানঘাটিৰ দিশলৈ যাত্ৰা কৰিছে ৷ বিভিন্ন কৰ্গো হেলিকপ্টাৰ অৰ্থাৎ মালবাহী হেলিকপ্টাৰ আৰু সামৰিক বিমানে । এনে কুচকাৱাজৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হৈছে যে দিল্লীয়ে প্ৰত্যাক্ৰমণৰ বাবে সেউজ সংকেত দিলে নেকি?

লক্ষ্যণীয়ভাৱে দুদিনীয়া ভ্ৰমণসূচী লৈ লেহ আাৰু শ্ৰী নগৰৰ বায়ুসেনা ঘাটি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বিতং চোৱাচিতা কৰে বায়ুসেনা প্ৰধান আৰু কে এছ ভাডুৰীয়াই । তেওঁ সম্পূৰ্ণ প্ৰস্তুতিৰো বিতং বুজ লয় । ইয়াৰ পাছতে বায়ুসেনাৰ এই তৎপৰতা আৰম্ভ হয় । লাডাখৰ আকাশত বায়ুসেনাৰ আকাশমাৰ্গ দখলৰ কুচকাৱাজ আৰম্ভ হয় ৷ পুৱাৰে পৰা আকাশত সঘনাই উৰিছে বায়ুসেনাৰ হেলিকপ্টাৰ আপচে চিনুক । ইপিনে চূড়ান্ত সতৰ্ক কৰি দিয়া হৈছে বায়ুসেনাক। যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে প্ৰস্তুত থাকিবলৈ কমাণ্ডৰসকলক নিৰ্দেশ দিয়া হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে সন্মুখত দৃশ্যমান বায়ুসেনা ঘাটিসমূহত যুদ্ধবিমান অৱস্থান কৰি প্ৰস্তুত কৰি ৰখা হৈছে বুলি সেনাৰ সূত্ৰত প্ৰকাশ ।

সেনা তিনি বাহিনীৰ মাজত ঐক্যমতৰ ভিত্তিত সীমান্তত তৎপৰতা বৃদ্ধি কৰিবৰ বাবে কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল যে চীফ অৱ ডিফেণ্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটে ৷ সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত পূৱাৰে পৰা সীমান্তৰ আকাশত এই তৎপৰতা পৰিলক্ষিত হৈছে ৷ এই মৰ্মেই বায়ুসেনাৰ মুৰব্বী ভাডুৰীয়াই বুধ আৰু বৃহস্পতিবাৰে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ পাছত আকাশমাৰ্গত তৎপৰতা বৃদ্ধি পাইছে ৷ বায়ুসেনা বাহিনীৰ মুৰব্বী দুদিনীয়া ভ্ৰমণলৈ আহি লেহ আৰু শ্ৰীনগৰ বায়ুসেনা ঘাটি পৰিদৰ্শন কৰে ৷ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা বাহিনীৰ আগ্ৰাসনৰ পৰিপেক্ষিতত সেই অঞ্চলত ভাৰতে সাজু কৰা সকলোবোৰ স্থানৰ কাৰ্যকৰী প্ৰস্তুতি তেওঁ পৰীক্ষা কৰে ৷চীনে পূৰ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ১০ হেজাৰ বাহিনীৰ সমাবেশ ঘটাইছে ৷ এইদৰে কয় দেশৰ প্ৰকৃতৰক্ষা মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াই সূত্ৰই ৷

Exit mobile version