এখন চহৰত বাস কৰিলেই পাব ডেৰ লাখ

image 1

কৰ’না ভাইৰাছে বিশ্বৰ অধিকাংশ চহৰকে বিপৰ্যস্ত কৰি তুলিছে । তলাবন্ধৰ প্ৰকোপ দূৰ কৰি নতুনকৈ উভতি থিয় দিয়াৰ বাবে নানা ধৰণৰ উদ্যোগ গ্ৰহণ কৰিছে বিশ্বৰ অধিকাংশ চহৰে। পৰ্যটসকলৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ কেতবোৰ চহৰে বিপুল পৰিমাণৰ ৰেহাই ঘোষণা কৰিছে । আকৌ কোনো চহৰৰ স্তব্ধ হৈ পৰা অৰ্থনীতিৰ উন্নতিৰ স্বাৰ্থত কৰ্মচাৰীলৈ ঘোষণা কৰিছে লোভনীয় পেকেজ । ইয়াৰ ভিতৰত অন্যতম হৈছে আমেৰিকাৰ ছেথাম কাউণ্টিৰ চহৰ ছাভান্ন । এই চহৰত বাস কৰিবলৈ ল’লেই কিছু লোকে লাভ কৰিব ভাৰতীয় মূল্যত প্ৰায় ডেৰ লাখ টকা । আমেৰিকাৰ দক্ষিণ-পূব উপকূলৰ কাষত অৱস্থিত এই চহৰত আছে প্ৰাচীন স্থাপত্যৰ নিদৰ্শন ।

কেৱল সেয়াই নহয়, মনোমোহা প্ৰাকৃতিক পৰিবেশো এই চহৰৰ অন্যতম আকৰ্ষণ । কৰ’নাৰ প্ৰভাৱত যেতিয়া আমেৰিকাৰ বিভিন্ন চহৰৰ অৱস্থা জটিল, তেতিয়া ছাভান্না চহৰত সংক্ৰমনৰ হাৰ আছিল অনেক কম । সেয়ে চহৰখনৰ অৰ্থনৈতিক দিশটোক নতুন গতি দিয়াৰ বাবে ছাভান্না কৰ্তৃপক্ষই একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ছাভান্না ইক’নমিক ডেভেল’পমেণ্ট অথ’ৰিটী(ছেদ)ৰ অধীনত চহৰখনত বহুতো নতুন উদ্যোগ ক্ষেত্ৰ গঢ়ি তোলা হৈছে । সেইসমূহত কাম কৰাৰ বাবে কৰ্মীসকলক আকৰ্ষিত কৰিবলৈ বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে । স্বাস্থ্য সেৱা, এৰ’স্পেচ, অত্যাধুনিক উৎপাদনৰ উপৰি চহৰখনত তথ্য-প্ৰযুক্তিৰ প্ৰচুৰ কাৰ্যলয়ো নতুনকৈ খুলিছে । ছাভান্নাত প্ৰায় পাঁচশ কোম্পানীৰ কাৰ্যলয় আছে ।

সেয়ে প্ৰযুক্তিৰ কৰ্মচাৰী সকলে যাতে এই চহৰত কাম কৰে, তাৰ বাবে তলাবন্ধৰ পৰৱৰ্তী সময়ত পেকেজৰ কথা ঘোষণা কৰিছে ছেডাই।সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে যে তলাবন্ধৰ পৰৱৰ্তী সময়ত আন চহৰ ত্যাগ কৰি যিসকল প্ৰযুক্তি ক্ষেত্ৰৰ কৰ্মচাৰীয়ে ছাভান্নাত কাম কৰিবলৈ আহিব, তেওঁলোকৰ প্ৰতেককে দুহেজাৰ আমেৰিকান ডলাৰ পৰ্য্যন্ত দিয়া হ’ব । ভাৰতীয় মূল্যত ডেৰ লক্ষ টকাৰো অধিক । এখন চহৰৰ পৰা আন এখন চহৰলৈ বাসস্থান সলনি কৰাৰ সময়ত কিছু প্ৰাথমিক খৰছ থাকে।ছাভান্নালৈ অহাৰ বিষয়ত উৎসাহিত কৰিবলৈ বাসস্থান সলনিৰ ব্যয় ৰূপে এই ধন প্ৰদান কৰা হ’ব বুলিও ছেডাই জনাইছে । ছেডাৰ উপ সভাপতি জেন বনেটে কয়, “বসবাসৰ বাবে ছাভান্না অন্যতম শ্ৰেষ্ঠ স্থান। এই ঐতিহাসিক চহৰত সোন্দৰ্য্যৰ সমান্তৰালকৈ উদ্যোগৰ উন্নতি ঘটোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

Exit mobile version