কাশ্মীৰক নিৰাপত্তা বাহিনীয়ে ধ্বংস কৰিলে পাকিস্তানী সন্ত্ৰাসবাদীৰ ড্ৰ’ণ

20pak drone1

সন্ত্ৰাসবাদীলৈ অস্ত্ৰ সৰবৰাহ কৰা এখন পাকিস্তানী ড্ৰ’ণ ধ্বংস কৰিলে সীমান্তৰক্ষী বাহিনীয়ে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে “শনিবাৰে পুৱা জম্মু কাশ্মীৰৰ আকাশত উৰি থকা পাক ড্ৰ’ণখন বি এছ এফৰ দল এটাই কাঠুৱাৰ সমীপত গুলি কৰি ভূপতিত কৰে ৷ উক্ত ড্ৰ’ণৰ পৰা উদ্ধাৰ হৈছে কিছু অস্ত্ৰ শস্ত্ৰ ৷ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ড্ৰ’ণৰ পৰা এটা মাৰ্কিন এম ৪ ৰাইফল,দুটা মেগাজিন আৰু প্ৰচুৰ বিস্ফোৰক উদ্ধাৰ হয় ৷” ইতিমধ্যে আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰসমূহ জব্দ কৰিছে ৷ উল্লেখযোগ্য যে কিছুমাহৰ পূৰ্বে জম্মুত নিহত জঈছ ই মহম্মদৰ এজন সন্ত্ৰাসবাদীৰ পৰাও এই ধৰণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল ৷ কাশ্মীৰ উপত্যকাত অৱস্থান কৰি থকা সন্ত্ৰাসবাদীলৈ অস্ত্ৰ সৰবৰাহ কৰাৰ বাবেই পাক ড্ৰ’ণখন প্ৰেৰ কৰা হৈছিল বুলি আৰক্ষীয়ে দাবী কৰিছে ৷

এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় “যি জন সন্ত্ৰাসবাদীৰ কাৰণে অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ কৰা হৈছিল তেওঁৰ নাম জনা গৈছে । পাক ড্ৰ’ণখনৰ পে’ লোডতে লিখা আছিল সন্ত্ৰাসবাদীজনৰ নাম ৷ আলী ভাই ৷ তেওঁ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জঈজ ই মহম্মদ সদস্য ৷” আৰক্ষী বিষয়াজনে লগতে সদৰী কৰিছে যে ধৰ্বংসপ্ৰাপ্ত ড্ৰ’ণখন আঠ ফুট বহল । কাঠুৱা ছেক্টৰৰ বি এছ এফৰ চকীৰ ঠিক বিপৰীত দিশে থকা এখন পাকিস্তানী চকীৰ পৰাই ড্ৰ’ণখন প্ৰেৰণ কৰাৰ লগতে নিয়ন্ত্ৰণ কৰা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ পুৱা পাঁচ বজাত বিএছ এফৰ দল এটাই উক্ত অঞ্চলটোত তহল দি ফুৰিছিল ৷

তেতিয়াই ভাৰতীয় সীমান্তৰ ভিতৰৰ আকাশত উৰি থকা ড্ৰ’ণখন তেওঁলোকৰ দৃষ্টি গোচৰ হয় ৷ ড্ৰ’ণ খনে ভাৰতীয় অঞ্চলৰ ২৫০ মিটাৰ ভিতৰত প্ৰবেশ কৰিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে ৷ বি এছ এফৰ জোৱানসকলে লগে লগে ড্ৰ’ণখনলৈ লক্ষ্য কৰি ন জাঁই গুলি কৰে ৷ ফলত ভূ পতিত হয় বিমানখন ৷ উচ্চ পদস্থ আৰক্ষী বিষয়াজনা মতে “শান্তি বিঘ্নিত কৰাৰ লক্ষ্যৰে উপত্যকাত সক্ৰিয় হৈ থকা জঈছ ই মহম্মদৰ সন্ত্ৰাসবাদীসকলক অধিক সক্ষম কৰিবলৈকে যে পাকিস্তানে সকলো সময়তে চেষ্টা চলাই আছে এই ঘটনাই আকৌ এবাৰ সেই কথা প্ৰমাণ কৰিলে ৷”

Exit mobile version