কৰ’না মহামাৰীয়ে বিধ্বস্ত কৰিছে মহানগৰীৰ ব্যৱসায়

123597 coronavirus 2

তলাবন্ধৰ পাছত এইবাৰ দ্ৰুতহাৰত বৃদ্ধি পোৱা কনটেইনমেন্ট জ’নৰ সংখ্যাই বিধ্বস্ত কৰিছে মহানগৰীৰ ব্যৱসায় বানিজ্য ৷ফলত হতাশ হৈ পৰিছে ব্যৱসায়ীসকল ৷ বিশেষকৈ তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল হ’লেও মহানগৰীত দ্ৰুতহাৰত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ লগে লগে মহানগৰীত বৃদ্ধি পাইছে কনটেইনমেন্ট জ’নৰ সংখ্যা ৷ কিন্তু তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল হোৱা সত্বেও কনটেইনমেন্ট জ’নৰ অন্তৰ্ভুক্ত হোৱা বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হোৱাত ব্যৱসায়ীসকলৰ অধিকাংশই বিগত তিনিমাহ ধৰি পৰিশোধ কৰিব পৰা নাই বিদ্যুতৰ বিলৰ পৰা আৰম্ভ কৰি ঘৰৰ ভাড়া বা কৰ্মচাৰীৰ বেতন। ইয়াক লৈ মহানগৰীৰ ব্যৱসায়ীসকল অধিক উদ্বিগ্ন হৈ পৰিছে ৷

দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি তলাবন্ধৰ সময়ত সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই গঠন কৰা নিৰীক্ষণ কমিটীৰ সাধাৰণ সম্পাদক নটৰাল শৰ্মাই কয় “কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে যোৱা ২২ মাৰ্চত ঘোষণা কৰে জনতা সান্ধ্য আইন । যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ তলাবন্ধ ৷ পৰৱৰ্তী সময়ত তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল হ’ল যদিও ব্যৱসায়ীসকলৰ কাৰণে স্বাভাৱিক নহ’ল পৰিবেশ। জি এছ টি ৰিটাৰ্ণে এই কথা স্পষ্ট কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে তলাবন্ধৰ সময়চোৱাত ফাৰ্মাচী আৰু গেলামালৰ দোকানক বাদ দি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধ আছিল। তলাবন্ধ শিথিলৰ পাছত আন আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ আৰম্ভ কৰে যদিও মহানগৰীত ইজনৰ পাছত সিজন লোক কৰ’নাত আক্ৰান্ত হৈছে ।

ইপিনে পৰিয়াল পোহপাল দিয়াটোৱে কঠিন হৈ পৰা বুলি কয় চেৰাবভাটি ক্ষুদ্ৰ ব্যৱসায়ী ৰূপেশ কৰ্মকাৰে। তেওঁ কয়”তলাবন্ধৰ পাছত দোকান খুলিবলৈ আৰম্ভ কৰিছিলো । বৰ্তমান কলেজো বন্ধ ৷ গতিকে মনোহাৰী দোকানৰ বিক্ৰী প্ৰায় শূন্য ৷তথাপি পেটৰ তাড়নাত সদায় দোকান খুলিবলৈ লোৱাৰ সময়তে ইজনৰ পিছত সিজন কৰ’নাত আক্ৰান্ত হয় ৷ পাছত প্ৰশাসনে সন্মুখৰ পথেৰে অহা যোৱা বন্ধ কৰি দিয়ে ৷ তিনি দিন হ’ল, মাত্ৰ চাৰিশ টকা বিক্ৰী হৈছে ৷ উপাৰ্জনৰ অন্য পথ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে দোকানখনেই উপাৰ্জনৰ সম্বল ৷কিন্তু মাহৰ পিছত মাহ ধৰি বন্ধ থাকিলে উপাৰ্জন কেনেকৈ বাঢ়িব ৷ ঘৰভাড়া দিয়াতো অসুবিধা হৈছে ৷ বিকল্প সন্ধানৰো কোনো সুযোগ নাই বাবে গ্ৰাহকৰ অপেক্ষাত ঘন্টাৰ পাছত ঘন্টা ৰৈ থকা বুলি তেওঁ আক্ষেপেৰে কয়।

Exit mobile version