ছ’ছিয়েল মিডিয়াত বিধায়িকাক অশ্লীল মন্তব্য দি গ্ৰেপ্তাৰ যুৱক

IMG 20200621 WA0011

বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেছবুকত অতি অশালীন মন্তব্য কৰি নগাঁও আৰক্ষীৰ জালত পৰিল ওপৰ ডুমডুমীয়াৰ অভিনন্দন নাথ নামৰ এজন যুৱক। নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে,বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিজেপি দলৰ বিধায়িকা আঙুৰলতাৰ ফেছবুক পেজত “আন্ধাৰৰ আঁৰত জোনাকী” নামৰ এটা ফেছবুক একাউন্টৰ পৰা বিধায়িকা গৰাকীক উদ্দ্যেশ্যি অশ্লীল মন্তব্য প্ৰকাশ কৰিছিল অভিনন্দনে ।

এই সন্দৰ্ভত দেওবাৰে বটদ্ৰৱা সমষ্টিৰ বিজেপি দলৰ কৰ্মী ভাস্কৰ বৰাই নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।সেই অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩৫৪(এ)/২৩৪ডি আই পি চি আৰ/ডব্লিউ ধাৰা ৬৭আই টি এক্টৰ অধীনত ১৪৭৮/২০২০নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে।

নগাঁও আৰক্ষীয়ে ছ’ছিয়েল মিডিয়াত দিয়া প’ষ্টটোৰ ওপৰত ক্ষীপ্ৰতাৰে তদন্ত কৰি আজি ওপৰ ডুমডুমীয়াৰ অভিনন্দন নাথ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ধিং আউনিআটীৰ গম্ভীৰ বৰা নামৰ আন এজন যুৱকক সোধপোছৰ বাবে আটক কৰিছে ৷ সম্প্ৰতি দুয়োকে নগাঁও সদৰ আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Exit mobile version