নগালেণ্ডৰ ডিমাপুৰৰ পৰা কৰ ফাঁকিৰে অসমৰ মাজেৰে সৰবৰাহ হৈ আছে মূল্যবান চেগুন কাঠ

WhatsApp Image 2020 06 21 at 6.44.37 PM

আৰক্ষী আৰু সংশ্লিষ্ট প্ৰশাসন বন বিভাগৰ চকুত ধূলি দি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কৰ’নাতংকৰ মাজতো অব্যাহত হৈ আছে মূল্যবান চেগুণ কাঠৰ চোৰাং সৰবৰাহ ৷ শনিবাৰে ৰাতি বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীয়ে নগালেণ্ডৰ ডিমাপুৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীলৈ আহি থকা RJ18GA 3453নম্বৰৰ এখন চেগুণ কাঠ ভৰ্ত্তি ট্ৰাক জব্দ কৰি থানালৈ অনাৰ পাছতে উন্মোচিত হৈছে মূল্যবান চেগুণ কাঠৰ সৰবৰাহৰ আঁৰত থকা চোৰাং ছিণ্ডিকেট চক্ৰৰ বিভিন্ন কৌশল ৷ এই ছিণ্ডিকেট চক্ৰটো নিয়ন্ত্ৰণ কৰে নাগালেণ্ড টিম্বাৰছ এছচিয়েচনে ৷ প্ৰাৰম্ভিক অৱস্থাত এনে ট্ৰাক সমূহৰ নথি পত্ৰ সঠিক যেন লাগিলেও সকলো নথিপত্ৰ আসোৱাঁহপূৰ্ণ ৷

উল্লেখযোগ্য যে জব্দ কৰা উক্ত ট্ৰাকখনত নথিপত্ৰত দেখুৱাইছে ১৫০টা চেগুণৰ বাটাম যাৰ হিচাপ ৭১১ ছেফটি ৷ কিন্তু গাড়ীখনত প্ৰকৃততে ১০০০ টাৰো অধিক বাটাম আছে যাৰ হিচাপ প্ৰায় ১৪০০ ছেফটি ৷ এনদৰেই বৃহৎ কৰ ফাঁকিৰে বিভিন্ন পক্ষক মেনেজ কৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক ট্ৰাকে ট্ৰাকে এনে অবৈধ মূল্যবান কাঠ সৰবৰাহ কৰি আহিছে ছিণ্ডিকেট চক্ৰটোৱে ৷ আনহাতে নথিপত্ৰৰ মতে প্ৰতি কেবি মূল্যবান চেগুন কাঠৰ মূল্য নিৰ্ধাৰণ কৰিছে ৫০০ টকা য’ত ট্ৰাকখনত থকা ৭১১ ছেফটি কাঠৰ মূল্য হয়গৈ ৩৫৫৮৬২ টকা যাৰ বিনিময়ত ১৮শতাংশ জি এছ টি পৰিশোধ কৰা হৈছে ৬৪০৫৫টকা ৷

প্ৰকৃততে আজিৰ তাৰিখত নগালেণ্ডৰ চেগুণ কাঠৰ বজাৰ মূল্য প্ৰতি ছেফটিত ১০০০ টকা ৷ যদি গাড়ীখনত মজুত থকা বৈধ অবৈধ ১৪০০ছেফটিৰ চেগুন কাঠৰ মূল্য হয় চৈধ্য লাখ টকা যাৰ জিএছটি মূল্য হয় ২৫২০০০ টকা ৷ গতিকে প্ৰতিখন ট্ৰাকে উক্ত হিচাপত প্ৰায় দুই লাখ টকা জি এছ টি ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷ আৰক্ষীয়ে চালক হেণ্ডিমেন সহ তিনিজনক সোধা পোছা অব্যাহত ৰখিছে যদিও পৰৱৰ্তী সময়ত বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে, নে ছিণ্ডিকেট চক্ৰৰ লগত মিতিৰালি কৰি অনাগত দিনত এনে চোৰাং ব্যৱসায়ত সাৰ-পানী যোগাব সেয়া হ’ব লক্ষণীয় ।

Exit mobile version