মস্কো ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিশেষ বৈঠক

rajnath singh new ani

ভাৰত চীন সীমান্ত সন্দৰ্ভত সমগ্ৰ দেশত উত্তেজনা অব্যাহত আছে ৷ অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন বৈঠক ৷ দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটসহ তিনি প্ৰধানৰ স’তে অনুষ্ঠিত হোৱা বৈঠকত স্থল,বায়ু আৰু নৌ সেনাক ভাৰত চীন সীমান্তত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

ADVERTISEMENT

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি তিনিওটা বাহিনীকে প্ৰতিৰক্ষা মন্ত্ৰীয়ে উচিত প্ৰত্যুত্তৰ দিবলৈও “পূৰ্ণ স্বাধীনতা” প্ৰদান কৰিছে ।উল্লেখযোগ্য যে সোমবাৰে ৰাজনাথ সিঙ মস্কোৰ বিজয় উৎসৱত অংশ ল’বলৈ ভ্ৰমণ কৰিব ৰাছিয়ালৈ ৷ গালৱান উপত্যকাত ১৫ জুনৰ নিশা ভাৰতৰ ২০ জন জোৱান শ্বহীদ হৈছিল ৷

আনহাতে চীনৰ প্ৰায় ৪৩ জন সৈনিক নিহত হৈছিল এই সংঘৰ্ষত ৷ চীনৰ সৈনিকে পূৰ্বপৰিকল্পিতভাৱে ভাৰতীয় সৈনিকৰ ওপৰত আক্ৰমণ চলাইছিল ৷ ইয়াৰ পিছতে সমগ্ৰ দেশত ভাৰত চীন সীমান্তক লৈ উত্তেজনাই বিৰাজ কৰিছে ৷ঠিক তেনেসময়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মস্কোলৈ যোৱাৰ প্ৰাকমুহূৰ্তত হোৱা এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে ।

Exit mobile version