যোগৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

narendra modi yoga

আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে  আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ কৰ’না মহামাৰীৰ মাজতে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এইবাৰৰ থিম হৈছে ঘৰতে যোগ ব্যায়াম আৰু পৰিয়ালৰ সৈতে যোগ ব্যায়াম কৰা ৷ যোগ দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি কয় “যোগ একতাৰ শক্তি ৷ যোগে কোনো জাতি,বৰ্ণ বা ৰাষ্ট্ৰৰ আধাৰত ভেদাভেদ নামানে ৷ কৰ’নাৰ মহামাৰীৰ কাৰণে ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ গুৰুত্ব পূৰ্বতকৈ অধিক ৷ কাৰণ যোগে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ লগতে দেশবাসীক উদ্দেশ্য কৰি যোগ দিৱসৰ তাৎপৰ্য সন্দৰ্ভত মোডীয়ে কয় যে যোগে আমাক একত্ৰিত কৰিছে ৷ যোগ দিৱস ঐক্যবদ্ধতাৰ দিন ৷ গতিকে প্ৰতিকূল পৰিস্থিতিত সক্ৰিয় হৈ থাকিবলৈ যোগ অত্যন্ত প্ৰয়োজনীয় ৷”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও অসম তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ লয় । মুখ্যমন্ত্ৰী সোনোৱালে প্ৰকাশ কৰে যে যোগাভ্যাসে বিশ্ববাসীৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ দিশত এক নতুন পথৰ সন্ধান দিব পাৰিছে বাবেই সমগ্ৰ দেশত যোগ দিৱসে সমাদৰ লাভ কৰিছে ৷ বৰ্তমানৰ প্ৰতিকূল পৰিস্থিতিত যোগাভ্যাসৰ জৰিয়তে আমি মানসিক শান্তি বুটলিব পাৰি ৷গতিকে ঘৰতে থাকি পৰিয়ালৰ স’তে নিয়মীয়াকৈ যোগ অনুশীলন কৰি এখন নিৰোগী আৰু শক্তিশালী সমাজ গঢ় দিয়াৰ বাবে সংকল্প ল’বলৈ ৰাজ্যবাসীক আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱাল ৷

Exit mobile version