কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলা সংগ্ৰামখনত চিকিৎসা কৰ্মীসকলৰ সমান্তৰালকৈ আৰক্ষীয়েও সাধাৰণ মানুহৰ প্ৰচুৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এইবাৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে প্ৰশংসাৰ বাণীৰে উপচালে মুম্বাইৰ এজন আৰক্ষী কনিষ্টবলক,যি প্ৰাণ ৰক্ষা কৰিলে এটি সদ্যোজাতৰ । মুম্বাইৰ এটি ১৪দিনীয়া শিশুৰ ডিঙিত কেনেবাকৈ লাগি ধৰিছিল এটা ছেফটিপিন । ফলত শিশুটিৰ শ্বাস বন্ধ হোৱাৰ উপক্ৰম ঘটিছিল । পিতৃ-মাতৃয়ে শিশুটিক লৈ হাস্পতাললৈ যোৱাৰ বাবে দৌৰি ৰাস্তালৈ ওলাই আহিছিল । কিন্ত হাস্পতাললৈ কেনেকৈ যাব সেই চিন্তা কৰিয়ে উপায় নোপোৱা হৈছিল । কিয়নো হাস্পতাললৈ যোৱাৰ বাবে তেওঁলোকে গাড়ী নোপোৱা হৈছিল । সদ্যোজাতৰ সন্তানৰ বাবে পিতৃ -মাতৃ কাতৰ হোৱাৰ সময়তে ত্ৰাণকৰ্তাৰ দৰে তেওঁলোকৰ কাষত উপস্থিত হ’লহি মুম্বাইৰ আৰক্ষীৰ এজন কনিষ্টবল ।
এছ ক’লেকাৰ নামৰ কনিষ্টবল জনে সেই পথেৰে পাৰ হৈ যোৱাৰ সময়তে শিশুটিৰ পিতৃ-মাতৃক উদ্বাউল হৈ ৰৈ থকা প্ৰত্যক্ষ কৰে । দেখিয়ে আৰক্ষী কনিষ্টবলজনে বুজি পালে যে তেওঁলোক কিবা বিপদত পৰিছে । সেই সময়ত শিশুটিক হাস্পতাললৈ নিয়াৰ বাবে কোনো গাড়ীয়েই পোৱা নাছিল । অৱশেষত কনিষ্টবল ক’লেকাৰে নিজৰ গাড়ীত উঠায়েই তেওঁলোকক কিং এডৱাৰ্ড মেম’ৰিয়েল হাস্পতাললৈ নিয়ে । দ্ৰুতগতিৰে হোৱা চিকিৎসাত শিশুটিৰ প্ৰাণৰক্ষা পৰে । ডিঙিৰ পৰা উলিওৱা হয় ছেফটিপিনটো । মুম্বাই আৰক্ষীৰ নিজা টুইটাৰ হেণ্ডেলত এই ঘটনা উল্লেখ কৰি এটা প’ষ্ট দিয়া হৈছে । লগত দিয়া হৈছে কনিষ্টবল ক’লেকাৰৰ ফটো । লগে লগে কনিষ্টবলজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকল ।