একেৰাহে মূল্যবৃদ্ধি ইন্ধনৰ

fuel price rise 1006388

কৰ’নাৰ বাবে দীৰ্ঘম্যাদী তলাবন্ধত ভাগি পৰা দেশৰ অৰ্থব্যৱস্থা উদ্ধাৰৰ কাৰণে দেশৰ সৰ্বসাধাৰণক লক্ষ্য কৰি লৈছে চৰকাৰে ৷ অথচ চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাদে আন সকলো শ্ৰেণীৰ লোক, উদ্যোগ ব্যৱসায়ত এই বন্ধই মাধমাৰ শোধাইছে । তাৰ মাজতো ৰাইজৰ মূৰত কঠাল ভাঙি পে’ট্ৰল ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰে চৰকাৰে অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ গৈ যেন পুনৰ এক অচলাৱস্থাৰ সৃষ্টি কৰিব বিচাৰিছে ৷ অথচ মূল্যবৃদ্ধিৰ প্ৰয়োজন হোৱাকৈ আন্তজাৰ্তিক বজাৰতো পে’ট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাই । দেওবাৰৰ দিনটোত দেশত ইন্ধনৰ মূল্যবৃদ্ধিয়ে গঢ়িলে নতুন অভিলেখ ।

বিগত ১৫ দিনত ধাৰাবাহিকভাৱে হৈ থকা মূল্য বৃদ্ধিৰ ফলত পেট্ৰ’লৰ মূল্য আজি বিগত দুবছৰৰ ভিতৰত সৰ্বাধিক হয় ৷ একেদৰে ডিজেলৰ মূল্যয়ো পূৰ্বৰ অভিলেখ ভংগ কৰিছে ৷ বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰত কৰ’নাৰ বাবে পালন কৰা তলাবন্ধৰ বাবে ইন্ধনৰ চাহিদা অভাৱনীয়ভাৱে হ্ৰাস পোৱাত দেশভেদে পানীৰ পানীৰ দৰতকৈ পে’ট্ৰল ডিজেলৰ মূল্য অৱনমিত হৈছিল ৷ তলাবন্ধ বাতিলৰ পিছত চাহিদা পুনৰ বৃদ্ধি পাইছে যদিও আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতিবেৰেলত শেহতীয়াকৈ মাত্ৰ ০.২৪ ডলাৰহে বৃদ্ধি পাইছে ৷ সেই হিচাপত প্ৰতিবেৰেলত মূল্য ৪১.৬১ ডলাৰৰ পৰা ৪২.৯২ ডলাৰলৈহে বৃদ্ধি হৈছে । অথচ ভাৰতত ৰাজ্যসমূহৰ নিয়ন্ত্ৰণ হৈ থকা ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠানবোৰৰ ইন্ধনৰ মূল্য অভাৱনীয় ৰূপত বৃদ্ধি পাইছে ৷

উল্লেখযোগ্য যে বিগত ২০১৪ ৰ চাৰি অক্টোবৰতো পে’ট্ৰলৰ মূল্য প্ৰতি লিটাৰত দিল্লীত ৮৪ টকালৈ বৃদ্ধি হৈছিল ৷ তেতিয়া তদানীন্তন চৰকাৰে ইন্ধনৰ ওপৰত থকা শুল্ক পৰিমাণ হ্ৰাসেৰে পৰিস্থিতি চম্ভালাৰ প্ৰচেষ্টা চলাইছিল । কিন্তু বৰ্তমানৰ চৰকাৰে এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ অসমত মূল্য সংযোজিত কৰৰ পৰিমাণ বৃদ্ধি কৰি শেহতীয়াকৈ বিত্ত বিভাগে ইন্ধনৰ মূল্য পাঁচ টকাকৈ বৃদ্ধি কৰে ৷ ইয়াৰ ফলতো ৰাজ্যত পে’ট্ৰল ডিজেলৰ মূল্য আকাশলংঘী হৈছে ৷ বিশেষকৈ ডিজেলৰ মূল্যবৃদ্ধিয়ে এই জটিল পৰিবেশৰ মাজতো সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি তথা মুদ্ৰাস্ফীতি ঘটোৱাটো নিশ্চিত হৈছে  ৷

Exit mobile version