কেনে আছে অংকিতা?

IndiaTv71e4c7 sushant ankita

বলীউড তথা হিন্দী ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা এসপ্তাহ অতিক্ৰম কৰিলে ৷ কিন্তু এতিয়ালৈকে সুশান্তৰ সাৱলীল অভিনয়, আৰু মন পৰশা হাঁহিটোক পাহৰিব পৰা নাই দেশবাসীয়ে ৷ সুশান্তৰ মৃত্যুত শোকত ভাগি পৰা অনুৰাগী সকলৰ সমান্তৰালভাৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে তেওঁৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেৰ প্ৰসংগ ৷ সৰু পৰ্দাৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক “পবিত্ৰ ৰিস্তা”ত একেলগে অভিনয় কৰিছিল অংকিতা আৰু সুশান্তে ৷ প্ৰথমতে বন্ধু তাৰ পিছত প্ৰেমলৈ ৰূপান্তৰিত হোৱা অংকিতা আৰু সুশান্ত হৈ পৰিছিল দেশবাসীৰ “অৰ্চনা-মানৱ” ৷ দেশবাসীৰ পৰিয়ালৰ সদস্য হৈ পৰিছিল “অৰ্চনা মানৱ” ৷ তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্কত আটাইতকৈ সুখী আছিল অংকিতা সুশান্তৰ অনুৰাগী ৷ সকলোৱে বিচাৰিছিল যেন আজীৱন তেওঁলোক একেলগে থাকক ৷

কিন্তু, সকলোকে আছৰিত কৰি ছবছৰীয়া প্ৰেমৰ সম্পৰ্ক ফাঁট মেলিছিল অংকিতা আৰু সুশান্তৰ ৷ সেই সময়ত দুয়োৰে ওপৰত অভিমান কৰিছিল অনুৰাগীসকলে ৷ কিন্তু, প্ৰেমৰ সম্পৰ্কত ফাঁট মেলাৰ পিছতো সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা সময়ত অভিনেতাজনৰ ঘৰত উপস্থিত হৈছিল অংকিতা । সেই সময়ত সকলোৱে প্ৰত্যক্ষ কৰিছিল পূৰ্বৰ সকলো অভিমান একাষৰীয়া কৰি আপোনজনক এবাৰ চাবলৈ উপস্থিত হোৱা অংকিতাক ৷ সংবাদ মাধ্যমৰ লোকে অংকিতা প্ৰশ্ন সুধিছিল যদিও উত্তৰ দিব পৰা অৱস্থাত নাছিল অভিনেত্ৰী গৰাকী ৷ থৰক বৰক খোজেৰে সোমাই গৈছিল সুশান্তৰ বাসগৃহলৈ ৷

তাৰ মাজতে সুশান্তৰ মৰমৰ দুচকীয়া বাহন খন দেখি শোকত ভাগি পৰিছিল অংকিতা ৷ হয়তো ভবা নাছিল যে ছবছৰ প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ পিছত একেবাৰেই আঁতৰি যাব সুশান্ত ৷ এক সাক্ষাৎকাৰত অংকিতা প্ৰথমবাৰৰ কাৰণে “মণিকৰ্ণিকা”ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰাৰ পিছত ভৱিষ্যতৰ কাৰণে শুভেচ্ছা জনাইছিল সুশান্তে ৷ কাৰণ সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছতো ইজনে সিজনৰ খবৰ ৰাখিছিল ৷ অংকিতাই জীৱনত আগবঢ়াৰ সিদ্ধান্ত লৈছিল ৷

আনহাতে সুশান্তৰ ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেমৰ সম্পৰ্কত আছিল  যদিও তেওঁৰ মন মগজুৰ পৰা আঁতৰি যোৱা নাছিল অংকিতা ৷ সুশান্তৰ ষ্টাইলিছ লিপাক্ষীয়ে মন্তব্য কৰিছে ” সুশান্তে প্ৰায়ে মনত পেলাইছিল অংকিতাক” ৷ লিপাক্ষীৰ ওপৰিও ইতিমধ্যে সুশান্তৰ মনোৰোগ চিকিৎসকেও সুশান্তে অংকিতাৰ লগত সম্পৰ্ক বিচ্ছেদ কৰি অনুতপ্ত হৈছিল বুলি মন্তব্য কৰিছিল ৷ ইপিনে ডিপ্ৰেছনত ভূগা সুশান্তে এক সাক্ষাৎকাৰত বলীউডৰ জগতখনে তেওঁক আদৰি লোৱা নাই বুলিও মন্তব্য কৰিছিল  ৷ কাই প’ চে, চিচোৰে, এম এচ ধোনীৰ দৰে ছুপাৰহিট ছবি বলীউডক দিয়া পিছতো মাত্ৰ ৩৪ বছৰ বয়সতে মৰহি গ’ল সুশান্ত সিং ৰাজপুতৰ দৰে এক সম্ভাৱনাময় প্ৰতিভাৰ ৷

কাৰণ বলীউডৰ সততে চৰ্চিত “স্বজনপ্ৰীতি”ৰ সন্মুখীন হৈছিল সুশান্ত । এখন এখনকৈ সাতখন ছবি হেৰাই গৈছিল সুশান্তৰ হাতৰ পৰা ৷ প্ৰেমত অসফলতা, বলীউডত নিজৰ অস্তিত্ব ৰাখিবলৈ যাওঁতে কৰা যুদ্ধত যেন ভাগৰি পৰিছিল সুশান্ত ৷ আৰু সকলোকে আচৰিত কৰি ১৪ জুনত আত্মহত্যা কৰে সুশান্তে ৷ সম্প্ৰতি আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে ৷ সকলোৱে আশা কৰিছে ন্যায় পাওক সুশান্তে ৷

Exit mobile version