কৰ’না, তলাবন্ধ, কোৱাৰেন্টাইনক লৈ বিজেপিৰ চলিছে নিকৃষ্ট ৰাজনীতিঃ ৰিপুন বৰা

4 11

কৰ’না আৰু ইয়াৰ লগত সম্পৰ্কিত তলাবন্ধ কোৱাৰেন্টাইনক লৈ বিজেপিয়ে নিকৃষ্ট ৰাজনীতিত লিপ্ত হোৱা বুলি আজি সদৰী কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। ৰাজীৱ ভৱনত আজি আয়োজিত এক সংবাদমেলত বৰাই অভিযোগ কৰে যে বিজেপিয়ে ৰাইজ,দেশৰ চলিত দুৰ্দশাৰ মাজতো ৰাজনৈতিক কুচকাৱাজক অগ্ৰাধিকাৰ দিয়াই নহয় নিকৃষ্ট পন্থাও অৱলম্বন কৰিছে ৷ তাৰ দ্বাৰা বিৰোধী পক্ষৰ মুখ বন্ধৰ চেষ্টা কৰা হৈছে ৷ ইয়াৰ উদাহৰণ হিচাপে শেহতীয়াকৈ মণিপুৰৰ ৰাজনৈতিক সংকটৰ বুজ ল’বলৈ যাঁওতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজয় মাকেনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় ৷চৰকাৰৰ কাম কাজৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা বাবেই কেইদিনমান পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কে’বাজনো সদস্যক কোৱাৰেন্টাইন কেন্দ্ৰত সুমুৱাই দিয়া হৈছিল বুলিও বৰাই কয় ৷

সেয়ে তেওঁ প্ৰশ্ন কৰে,চৰকাৰ ইমানেই হতাশ হৈছে নে যে প্ৰতিবাদৰ শাস্তি কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণৰ পৰ্যায়লৈ গৈছে ?এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱাৰ বাবেই যদি আমাৰ দলৰ নেতা দুগৰাকীক কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । মন্ত্ৰী ৰামেশ্বৰ তেলীক দিল্লীৰ পৰা অহাৰ পাছত কিয় কৰা নহ’ল? আমি দিল্লীৰ পৰা অহাৰ বাবেই কোৱাৰেন্টাইন কৰা হৈছিল, বিজেপিৰ সাংসদসকলক কিয় কৰা নহ’ল ৷ ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে কোৱাৰিন্টাইনক বিজেপিয়ে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি লৈছে ৷ নিয়মমতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো কোৱাৰেন্টাইন কৰিব লাগে । কিয় নকৰে?

ক’ভিড, তলাবন্ধ আৰু কোৱাৰেন্টাইন বিজেপিৰ ৰাজনৈতিক অস্ত্ৰ হোৱাৰ বাবেই নকৰে নেকি? বৰাই দাবী কৰে অসমৰ ৰাইজে বিজেপিৰ এনে কাণ্ডবোৰ দেখি আছে আৰু ২০২১ ৰ বিধানসভা নিৰ্বাচনত তাৰ উচিত প্ৰত্যুত্তৰ দিব ৷ এই প্ৰসংগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে শাসক বিৰোধীৰ সকলো বিধায়কৰ সমষ্টিৰ কাম কাজৰ খতিয়ান ৰাইজৰ পৰা বিচৰাৰ আহ্বানটোকো বৰাই কটাক্ষ কৰে । তেওঁ কয়, “ৰঞ্জিত কুমাৰ দাসে নিজৰ দলৰ বিধায়কসকলৰে খতিয়ান আগতে বিচাৰক৷ সমষ্টিবোৰত কাম কৰিছে নেকি তেতিয়াই ওলাই পৰিব ৷ একো এটা কাম কোনেও কৰিব পৰা নাই । চূড়ান্ত বিফল হৈছে তেওঁলোক ৷ ৰঞ্জিত কুমাৰ দাসে ৰিপৰ্ট কাৰ্ড বিচৰাৰ বিপৰীতে আমি বিজেপিৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে অভিযোগনামা উলিয়াম ৷ ৰাইজক কি কি প্ৰতিশ্ৰুতি দি আজিলৈ একো কৰিব নোৱাৰাৰ অভিযোগনামা হ’ব সেয়া ৷ অহা ৩০ জুনৰ ভিতৰত অভিযোগনামা প্ৰকাশ কৰা হ’ব বুলি সদৰী কৰে।

Exit mobile version