বৰষুণ, সংগীত আৰু তুমি, ইয়াতকৈ ভাললগা আৰু একো নাইঃ অংকিতা

139e0335 00a7 4dc5 b4d8 a684ca711090

মনোৰঞ্জন জগতৰ অন্যতম চৰ্চিত ক’পল মিলিন্দ সুমন আৰু অসমৰ জীয়ৰী অংকিতা কোঁৱৰে শেহতীয়াকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটি ৰোমান্টিক ভিডিঅ’ ৷ ভিডিঅ’টিত দুয়োজনে Elvis Presley ৰ “Can’t help falling in love” গীতটিত ডান্স কৰিছে ৷ লগতে তেওঁলোকৰ ভিডিঅ’টিত অংকিতাই কেপশ্বন দিছে যে “বৰষুণৰ টোপাল, সংগীত আৰু তুমি ৷ ইয়াতকৈ ভাললগা আৰু নাই ৷” সপ্তাহৰ প্ৰথমটো দিনতেই অংকিতাই স্বামী মিলিন্দৰ স’তে দিয়া এই ৰোমান্তিক প’ষ্টে সকলোকে আকৰ্ষণ কৰাৰ লগতে চৰ্চিত হৈছে ৷

সততে অংকিতাই স্বামী মিলিন্দ সুমনৰ লগত ইনষ্টাগ্ৰামত বিভিন্ন ভিডিঅ’ তথা ফ’টো আপলোড কৰে। কিছুদিন পূৰ্বে অংকিতাই মিলিন্দৰ স’তে এখন ফ’টো শ্বেয়াৰ কৰাৰ লগতে মিলিন্দে ব্যায়াম কৰাৰ ভিডিঅ’ও আপলোড কৰিছিল ৷

দুয়োজনৰে ৰোমান্টিক প’ষ্টসমূহক অনুৰাগীয়েও আদৰি লৈছিল। অসমৰ জীয়ৰী অংকিতাই মিলিন্দ সুমনৰ লগতে ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ গতিকে অসমৰেই জোৱাঁই মিলিন্দ সুমন। শেহতীয়াকৈ মিলিন্দ সুমনক আমজন প্ৰাইম ভিডিঅ’ৰ এখন ৱেব চিৰিজত দেখা গৈছিল ৷

 

Exit mobile version