ভাৰত চীন সীমান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ

Manmohan Singh AFP 800x500

ভাৰতৰ সুৰক্ষা, শক্তি আৰু সীমান্ত সন্দৰ্ভত মন্তব্য দিওতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাৱধান হোৱা উচিত ৷ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছত ভাৰত-চীন সীমান্ত সন্দৰ্ভত চলি থকা বিষয়সমূহত কি প্ৰভাৱ পৰিব তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ আজি ভাৰত-চীন সীমান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্য কৰি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে । লগতে মনমোহন সিঙে কয় যে চৰকাৰে ভাৰতৰ শ্বহীদ জোৱানসকলৰ তেজ যাতে ব্যৰ্থ নহয় তাৰ কাৰণে বৃহৎ পদক্ষেপ ল’ব লাগে ৷ চৰকাৰে যদি এই ক্ষেত্ৰত হেমাহিৰ সৃষ্টি কৰে তেন্তে দেশবাসীৰ মনৰ পৰা চৰকাৰৰ প্ৰতি থকা আস্থা, বিশ্বাস হেৰাই যাব ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কয় যে আমি এতিয়া ঐতিহাসিক স্থিতিত উপস্থিত হৈছো ৷ ভৱিষ্যত প্ৰজন্মই আমাৰ বিষয়ে কি ধাৰণা লয় সেয়া নিৰ্ভৰ কৰিব চৰকাৰৰ সিদ্ধান্ত আৰু তদন্তৰ ওপৰত ৷ ভাৰত আৰু চীনে গালৱান উপত্যকাত কৰা সংঘৰ্ষৰ সন্দৰ্ভত  প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কয় যে আমি চীনৰ হুংকাৰৰ আগত শিৰনত স্বীকাৰ নকৰো ৷ আমি কেতিয়াও দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ লগত আপোচ নকৰো ৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তব্যৰে ষড়যন্ত্ৰকাৰী শক্তিক উৎসাহ দিয়া উচিত নহয় । আনহাতে মনমোহন সিঙৰ ভাৰত চীন সীমান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে ৷ তেওঁ কয় “প্ৰাক্তন প্ৰধানমন্ত্ৰী মন মোহন সিঙে গুৰত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ মই আশা কৰিছো প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্তব্যক বিনয়েৰে গ্ৰহণ কৰিব ৷”

Exit mobile version