শ্ৰমিক বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীৰে চিপিআইএমৰ ‘ৰাজ্যজোৰা আন্দোলন’

WhatsApp Image 2020 06 22 at 2.21.46 PM

শ্ৰমিক বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীৰে চিপিআইএমে সোমবাৰে ‘ৰাজ্যজোৰা আন্দোলন’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে | মহানগৰীৰ টি চি স্কুলৰ সমুখত দিনৰ ১১-৩০ বজাত এই কাৰ্যসূচীৰ ৰূপায়নৰ কৰে |

প্ৰতিবাদৰ দাবীসমূহঃ

ক) চৰকাৰক আয় কৰ দিব নলগা প্ৰতিটো পৰিয়ালক তিনি মাহলৈকে মাহে ৭৫০০ টকাকৈ সাহায্য দিয়ক ।
খ)আয়কৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমূৰি মাহিলি ১০ কিলোকৈ চাউল, আটা, চেনি, নিমখ, দাইল, মিঠাতেল আদি অত‍্যাৱশ‍্যকীয় সামগ্ৰীসমূহ ৬ মাহলৈকে বিনামূলীয়াকৈ যোগান ধৰক ।
গ) শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কামৰ সময় ১২ ঘন্টালৈকে বৃদ্ধি কৰা অসম চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্ত বাতিল কৰক । চৰকাৰী-বেচৰকাৰী সকলো শ্ৰমিক / কৰ্মচাৰীৰ দা-দৰমহা নিয়মিতভাৱে আদায় দিয়ক ।
ঘ) পি এম কিষান আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি, অনিয়ম বন্ধ কৰক | পঞ্চায়ত ভিত্তিত হিতাধিকাৰীসকলৰ নামৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম বাদ দি যোগ‍্যসকলৰ নাম অন্তৰ্ভুক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰক ।

Exit mobile version