বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত ছবিজগতৰ কিছুসংখ্যক অভিনেতা অভিনেত্ৰী আৰক্ষীৰ ৰোষত পৰিব নেকি? এই প্ৰশ্নই সম্প্ৰতি সকলোৰে মাজত চৰ্চা লাভ কৰিছে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ১৫ জন লোকক জেৰা কৰিছে ৷ আনহাতে সুশান্তে আত্মহত্যা কৰা ১০ দিন আগলৈকে সম্পৰ্কত থকা বন্ধু-বান্ধৱীকো তদন্তৰ আওতাত আনিবলৈ প্ৰস্তুতি কৰিছে আৰক্ষীয়ে। ব্যক্তিগত নে কোনো ছবি নোপোৱাৰ কাৰণে সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিলে? সেই সন্দৰ্ভত জানিবলৈ সম্প্ৰতি আৰক্ষীয়ে দিনে নিশাই তদন্ত অব্যাহত ৰাখিছে ।
আজি সুশান্তৰ দুজন বন্ধুক বান্দ্ৰা আৰক্ষীয়ে সোধপোছ কৰে । অৱশ্যে আৰক্ষীয়ে সোধপোছ কৰা এই বন্ধু দুজন কোন? সেই সন্দৰ্ভে এতিয়া জানিব পৰা হোৱা নাই। দেওবাৰে সুশান্তৰ অন্যতম বন্ধু সিদ্ধাৰ্থ পাটানীক সোধপোছ কৰে ৷ সিদ্ধাৰ্থ আৰু সুশান্ত এটা সময়ত একেটা ফ্লেটত একেলগে আছিল ৷ আনহাতে সুশান্তৰ একেবাৰে ঘনিষ্ঠ বন্ধুৰ তালিকাত থকা বন্ধুসকলৰ ভিতৰত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু সিদ্ধাৰ্থেই অন্যতম । ৰিয়াক ইতিমধ্যে আৰক্ষীয়ে ১১ ঘন্টা জেৰা কৰিছে ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি ৰিয়া আৰু সিদ্ধাৰ্থক পুনৰ একেলগে বহুৱাইও আৰক্ষীয়ে দুয়োজনকে জেৰা কৰিব।
ইপিনে ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্তৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা পিছতো আছিল ধনৰ লেনদেন ৷ উল্লেখযোগ্য যে অনতিপলমে সুশান্তে পৰিচালকৰ ৰূপত আত্মপ্ৰকাশ কৰাৰ কথা আছিল । বন্ধু সিদ্ধাৰ্থ পাটানী আৰু সুশান্ত একেলগ হৈ “বন্দে ভাৰতম” নামৰ এখন ছবি নিৰ্মাণ কৰাৰ কথাও আছিল । সুশান্তে আত্মহত্যা কৰাৰ পিছত সিদ্ধাৰ্থ পাটানীয়ে সুশান্তক সু্ঁৱৰি ইনষ্টাগ্ৰামত লিখিছিল “তুমি মোক প্ৰতিশ্ৰুতি দিছিলা ৷ আমি দুয়ো বিহাৰী ভ্ৰাতৃ মিলি বলীউডত ৰাজত্ব কৰিম ৷ সকলো নতুন প্ৰতিভাৱান অভিনেতা অভিনেত্ৰীক প্ৰেৰণা দিম ৷ তেওঁলোকক ভৱিষ্যত গঢ়াত সুযোগ দিম ৷ মোৰ ছবিত পৰিচালক হিচাপে কাম কৰাৰ তুমি মোক প্ৰতিশ্ৰুতি দিছিলা ৷ ৰাজ্য শাণ্ডিল্যই এই ছবিৰ চিত্ৰনাট্য লিখাৰ লগতে আমি একেলগে ছবিখনৰ প্ৰযোজনা কৰাৰ কথা আছিল।” বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে ১৪ জুনত আত্মহত্যা কৰে ৷ ইয়াৰ পিছতে সমগ্ৰ বলীউডত “স্বজনপ্ৰীতি”কে আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।