এটি সেউজীয়া বৰণীয়া সাপ । সকলোকে আশ্চৰ্যচকিত কৰিছে এই সাপটোৱে । এটি ভিডিঅ’ত দেখা গ’ল এই সাপ ডালৰ এক নান্দনিক দৃশ্য । ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দাই টুইট কৰা এই ভিডিঅ’ৱে সম্প্ৰতি আচৰিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক । ভিডিঅ’টিত দেখা গৈছে এডাল সেউজ বৰণৰ সৰু সাপে এজন লোকৰ হাতৰ তলুৱাত থকা পানী পান কৰি আছে । আকাৰত সাপ ডাল সৰু ।
সম্ভৱত যিজন লোকে সাপডালক পানী খুৱাইছে সেই লোকজনৰে আনখন হাতত আছে বিৰল মুহূৰ্তটোক ৰেকৰ্ডিং কৰি থকা কেমেৰাটো।এনে ধৰণৰ সেউজীয়া বৰণৰ সাপ মূলত ভাৰত উপমহাদেশ ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, ভিয়েটনাম আদিত দেখিবলৈ পোৱা যায় । এনে সাপৰ বিজ্ঞানসন্মত নাম হৈছে ‘আহেটুল্লা নেচুটা’। ভাৰত বৰ্ষৰ বিভিন্ন স্থানত এনে সাপৰ ভিন্ন ভিন্ন নাম আছে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্থান বিশেষেও এনে সাপ দেখিবলৈ পোৱা যায় । এই ভিডিঅ’টো পোষ্ট কৰাৰ প্ৰথম ২৮ ঘণ্টাৰ ভিতৰতে সাত হেজাৰৰো অধিকে সাপডালক লৈ মন্তব্য কৰিছে । সাপডালক লৈ ছ’চিয়েল মিডিয়াত বিস্ময় প্ৰকাশ কৰিছে বহুজনে।