India-France:✒️ফ্ৰান্স আৰু ভাৰতৰ সাংস্কৃতিক মেলবন্ধনৰ ইতিহাসত আজি সংযোজিত হ’ল এক নতুন আৰু গুৰুত্বপূৰ্ণ অধ্যায় । পেৰিছৰ ওচৰৰ বুছি-ছাঁ-জর্জত নিৰ্মাণ হ’বলগীয়া নতুন হিন্দু মন্দিৰৰ বাবে ভাৰতৰ পৰা প্ৰথম পাথৰ উপস্থিত হ’ল ফ্ৰান্সত।
উল্লেখ্য যে এই পাথৰ দিয়েই ফ্ৰান্সত আৰম্ভ হব প্ৰথম হিন্দু মন্দিৰ নিৰ্মাণৰ কাম। প্ৰাচীন ভাৰতীয় শিল্পকলাৰ অনন্য নিদৰ্শন হিচাপে গঢ় লৈ উঠিব এই মন্দিৰ। পাথৰসমূহ প্ৰেৰণ কৰিছে BAPS স্বামীনাৰায়ণ সংস্থাই।
ভাৰতৰ দক্ষ শিল্পীৰ হাতে ঐতিহ্যবাহী পদ্ধতিত খোদাই কৰা এই পাথৰসমূহ শতাব্দীপ্ৰাচীন স্থাপত্য ঐতিহ্য বহন কৰে। ফ্ৰান্সত ভাৰতীয় শিল্পী আৰু ফ্ৰান্সী শিল্পীয়ে একেলগে কাম কৰিব।
নোত্ৰ-ডাম কেথেড্ৰেল পুনৰুদ্ধাৰ প্ৰকল্পত জড়িত কিছুমান কাৰিগৰো এই মন্দিৰ নিৰ্মাণত অংশ ল’ব।
এই মন্দিৰ কেৱল উপাসনালয় নহয়; সংস্কৃতি, শিক্ষা আৰু সামাজিক সংলাপৰ কেন্দ্ৰ হিচাপেও গঢ় লৈ উঠিব। ভাৰত–ফ্ৰান্স বন্ধুত্বৰ স্থায়ী প্ৰতীক হ’ব এই প্ৰকল্প।
অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ইয়াক দুয়ো দেশৰ সহযোগিতাৰ এক অনন্য দৃষ্টান্ত বুলি অভিহিত কৰে।
BAPS ইউকে আৰু ইউৰোপৰ ট্রাষ্টি তথা প্ৰকল্পৰ চিইঅ’ সঞ্জয় কাৰাই কয়, “ভাৰতৰ পৰা অহা প্ৰথম পাথৰ এক ঐতিহাসিক মাইলফলক। এই মন্দিৰ সংস্কৃতি, শিক্ষা আৰু সম্প্ৰীতিৰ এক জীৱন্ত কেন্দ্ৰ হ’ব।”
ফ্ৰান্সত নিযুক্ত ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জীৱ কুমাৰ সিংলাও এই সহযোগিতাক ভাৰতীয় ঐতিহ্য আৰু ফ্ৰান্সী শিল্পকলাৰ সাৰ্থক মিলন বুলি উল্লেখ কৰে।






























