কেনে আছে ফজ?

Sushant Singh Rajputs pet dog Fudge is heartbroken

নিজৰ আপোনজনক হেৰুৱাৰ দুখ মানুহতকৈ যেন জীৱ জন্তুৱে অধিক বুজি পায়। এই কথাকে যেন প্ৰতিপন্ন কৰিছে সুশান্ত সিং ৰাজপুতৰ পোহনীয়া কুকুৰ ফজে ৷ সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছৰে পৰা অভিনেতাজনৰ ঘৰৰ প্ৰত্যেকটো কোঠাত ফজে বিচাৰিছে মালিকক ৷ জন্তু হ’লেও সুশান্তক হেৰুৱাই নিঠৰুৱা হোৱা ফজৰ ফ’টো আৰু ভিডিঅ’ এই কেইদিন ছ’চিয়েল মিডিয়াত সকলোৱে প্ৰত্যক্ষ কৰিছে ৷ এই  ভিডিঅ’টোত দেখা গৈছে যে ফজে সুশান্তৰ ঘৰৰ প্ৰত্যেকটো কোঠাত বিচাৰিছে মালিকক। মালিকক বিচাৰি নাপাই পুনৰ ঘৰৰ কোনোবা কোণত শান্তিত বহি ৰৈছে ফজ ৷ কেতিয়াবা আকৌ ফজে মোবাইলৰ স্কীনত সুশান্তক চাইছে ৷ কিজানিবা মালিকৰ এষাৰ মাতকে শুনেই ।

ইয়াৰ পিছতে মালিকৰ পৰা কোনো প্ৰতিক্ৰিয়া নাপাই শান্ত হৈ পৰিছে ফজ৷ চকুৰে অহৰহ বৈ আছে পানী ৷ সম্প্ৰতি সুশান্ত সিং ৰাজপুতৰ পোহনীয়া কুকুৰ ফজক লৈ ছ’চিয়েল মিডিয়াত অনুৰাগীৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বিগ বছৰ বিজেতা মনৱীৰ গুৰ্জৰে ফজ আৰু সুশান্তৰ এখন ফ’টো আপলোড কৰি টুইটাৰ যোগে লিখে “ভাই বেলেগে তোমাৰ মূল্য বুজি পাওঁক বা নাপাওঁক, কিন্তু ফজে তোমাৰ মূল্য বুজি পাই” ৷

ইফালে বিগত সময়ত সুশান্তে মৰমৰ ফজক লৈ এটি প’ষ্ট শ্বেয়াৰ কৰিছিল ছ’চিয়েল মিডিয়াত ৷ সুশান্তে লিখিছিল “If you remember me, then I don’t care if everyone else forgets#my love#Fudge.

ইপিনে, সোমবাৰে সৰ্বত্ৰে প্ৰচাৰ হৈছিল যে, সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত খাবলৈ এৰি মৃত্যু হৈছে ফজৰ ৷ কিন্তু সুশান্তৰ এজন ঘনিষ্ঠৰ মন্তব্য যে এই বাতৰি ভূৱা ৷ ফজৰ লগতে প্ৰয়াত সুশান্তৰ বাকী কুকুৰকেইটাৰ স্বাস্থ্য সম্প্ৰতি ঠিকে আছে বুলি জনায় বন্ধুজনে। উল্লেখযোগ্য যে ১৪ জুনত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত সমগ্ৰ বলীউডৰ বিতৰ্কৰ সূত্ৰপাত হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে এই আত্মহত্যাৰ প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে। সকলোৱে আশা কৰিছে ন্যায় পাওক সুশান্তে ।

Exit mobile version