বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক কুচকাৱাজ বিজেপিৰ

IMG 20200623 105812

আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সুবিধাজনক ৰাজনৈতিক সংগীৰ সন্ধান আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে ৷ ইয়াৰ পৰা পৃথক নহয় শাসকীয় বিজেপিও ৷ দলে এইবাৰ ৰাজ্য চৰকাৰৰ শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ বি পি এফৰ লগত সম্পৰ্ক ছেদ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে । ইয়াৰ বিপৰীতে বড়োভূমিৰ শেহতীয়া শান্তি চুক্তি (বি টি আৰ)ৰ পাচত বি টি এ ডিত বি এফৰ বিৰোধী ইউ পি পি এলৰ স’তেও শাসকীয় বিজেপিৰ এক নিবিড় সম্পৰ্ক স্থাপন হৈছে আৰু ই পৰৱৰ্তী সময়ত অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে ৷

দিছপুৰৰ সূত্ৰত প্ৰকাশ যে বি পি এফৰ অভ্যন্তৰত সম্প্ৰতি সংঘাতে দেখা দিছে । ইতিমধ্যে দলৰ তামুলপুৰৰ বিধায়ক তথা জ্যেষ্ঠ নেতা ইমানুৱেল মুছাহাৰীয়ে বি পি এফ ত্যাগ কৰিছে ৷ মুচাহাৰী বি পি এফৰ এজন অনুগত সৈনিক হিচাপে পৰিচিত আছিল যদিও নেতৃত্বৰ কিছুমান খাম খেয়ালিৰ বাবে তেওঁ অতিষ্ঠ হৈ দল ত্যাগ কৰে ৷ ইতিমধ্যে তেওঁক ৰাজহুৱাকৈ নেতৃত্বৰ স’তে হোৱা সংঘাত ব্যক্ত কৰে । দলৰ আন এজন জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন ব্ৰহ্মই ইউ পি পি এলত যোগ দিছে ৷ তদুপৰি বি পি এফৰ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মই দল ত্যাগ কৰি বিজেপিত যোগ দিব বুলি সৰৱ চৰ্চা অব্যাহত আছে ৷

সূত্ৰত প্ৰকাশ যে বি পি এফৰ স’তে মিত্ৰতা অব্যাহত ৰখাৰ ক্ষেত্ৰত সম্প্ৰতি আগ্ৰহী নহয় বিজেপি ৷ বড়োভূমিত নিজাববীয়াকৈ খোপনি পুতিবলৈ কৌশল লৈছে বিজেপিয়ে ৷ সমান্তৰালভাৱে বিপিএফক বিদায় দিব পৰাকৈ পৰিবেশ গঢ়ি তুলিবলৈ সকলো দিশৰে পৰা বিজেপিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে । আগন্তুক বি টি চিৰ পৰিষদীয় নিৰ্বাচনতে দুই দলৰ মধুচন্দ্ৰিকাৰ অন্ত পৰাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰত প্ৰকাশ । তাৰে ইংগিত দি বিজেপিয়ে স্পষ্ট কৰি যে বি টি এ ডিৰ নতুন পৰিষদ গঠনত তেওঁলোক অংশীদাৰ হোৱাটো নিশ্চিত ৷

তেনে ক্ষেত্ৰত নিৰ্বাচনী ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতাৰ ছবিখন ৷ অৰ্থাৎ এইবাৰ বিজেপিৰ বাবে বি টি এ ডিত বি পি এফক একমাত্ৰ পচন্দ হৈ নাথাকে ৷ বিভিন্ন কাৰণত বি পি এফেও বড়োভূমিত তেওঁলোকৰ একচ্ছত্ৰী প্ৰভাৱ অটুট ৰাখিবলৈ সক্ষম হোৱা নাই বুলি সূত্ৰত প্ৰকাশ ৷ সেয়েহে পূৰ্বৰ ধাৰণা সলনি বি পি পি এফৰ পৰিৱৰ্তে বি টি এ ডিত আন কোনো বিকল্প দল বিজেপিৰ মিত্ৰ হ’ব পাৰে।

Exit mobile version