সুশান্তৰ চিকিৎসকে ডিপ্ৰেছন হ’বলৈহে দিয়ে ঔষধ

pjimage 2 1566539074

সুশান্তে সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছৰে বলীউডৰ সকলো অভিনেতা অভিনেত্ৰীয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷কোনেও কৈছে সুশান্ত সিং ৰাজপুত বলীউডত সততে চলি থকা “স্বজনপ্ৰীতি”ৰ বলী হ’ল ৷ইয়াৰ বিপৰীতে কোনোৱে কৈছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কৰা নাই ৷ ই এক পৰিকল্পিত হত্যাকাণ্ড ৷

সুশান্ত পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ’ল বুলি অভিযোগ দিয়াসকলৰ ভিতৰত আছে বলীউডৰ অভিনেত্ৰী পায়েল ৰস্তোগী ।বলীউড বা অন্যান্য বিষয়ত সততে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা পায়েল ৰস্তোগীৰ সুশান্ত সিং ৰাজপুতক লৈ কৰা মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। পায়েলে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ৰ জৰিয়তে কয় ” সুশান্তে আত্মহত্যা কৰা নাই। তেওঁক হত্যা কৰা হৈছে ৷ লগতে সুশান্তৰ মনোৰোগ চিকিৎসকজনৰ বিষয়ে বিস্ফোৰক অভিযোগ কৰি পায়েলে কয়”সেই জন চিকিৎসকে ডিপ্ৰেছনত থাকিবলৈহে ঔষধ দিয়ে” ৷

লগতে পায়েলে কয় “সুশান্ত সিং ৰাজপুতক লৈ যিমান খবৰ পঢ়ি আছো ৷সেইসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁ আত্মহত্যা কৰা নাই । সুশান্তক ডিঙি চেপি হত্যা কৰা হৈছে ৷লগতে সুশান্তে যিজন চিকিৎসকৰ ওচৰত ডিপ্ৰেছনৰ চিকিৎসা কৰিছিল,তেওঁৰ ওচৰত যাবলৈ পৰামৰ্শ দিছিল দিবাকৰ বেনাৰ্জীয়ে ।মই সেইজন চিকিৎসকৰ ওচৰত চিকিৎসা কৰাইছো। তেওঁ সকলোকে “বাইপ’লাৰ ডিচৰ্ডাৰ” হোৱা বুলিয়ে কয় ৷তেওঁৰ ঔষধ খাই মানুহ বেছিকৈ ডিপ্ৰেছনত ভূগে।” আৰু সুশান্তৰ ডিঙিত থকা বিশেষ দাগক লৈ পায়েলে কয় যে তেওঁৰ ডিঙিত থকা দাগলৈ লক্ষ্য কৰিলে দেখা যায় যে ইমান সুস্থ এজন মানুহে কেনেকৈ আত্মহত্যা কৰিব পাৰে? গতিকে তেওঁক হত্যা কৰা হৈছে ৷

আনহাতে পায়েল ৰস্তোগীয়ে বলীউডৰ প্ৰযোজক পৰিচালক মহেশ ভাট্টক আৰু ৰিয়া চক্ৰৱৰ্তীক লৈ বহু বিস্ফোৰক মন্তব্য আগবঢ়াইছে ।উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতে ১৪ জুনত বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰিছিল। কিন্তু সুশান্তে আত্মহত্যা কৰিলে নে? নে তেওঁ পৰিকল্পিত হত্যাকাণ্ডৰ বলী হ’ল সেই সম্পৰ্কে এতিয়াও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version