জীৱিকাই মূলঃ কৰ’না সংক্ৰমণৰ নাই কোনো ভয়-শংকা

WhatsApp Image 2020 06 24 at 10.15.40 AM

মহানগৰীত বিশ্বত্ৰাস ক’ভিড-১৯ ভাইৰাছত সংক্ৰমণৰ নাই কোনো ভয়-শংকা | যোৱা ২৪ মাৰ্চৰ পৰা ৩১ মে’ পৰ্যন্ত চাৰিটা পৰ্যায়ত বলবৎ হোৱা তলাবন্ধই যেন এই শংকা একেবাৰে নিঃশেষ কৰি পেলালে | কাৰণ সকলো লোকেই একপ্ৰকাৰ অৰ্থনৈতিক ভাৱে বিধ্বস্ত হৈ নিজৰ জীৱনকো তুচ্ছ কৰি বৰ্তমান সময়ত জীৱিকাৰ সন্ধানত উলাই আহিবলৈ বাধ্য হৈছে | সমান্তৰালভাৱে ৰাজধানী মহানগৰীত ক’ৰনা সংক্ৰমণ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে যদিও পূৰ্বৰ দৰে সজাগ-সচেতন নহয় লোকসকল |

আজিও মহানগৰীৰ বিভিন্ন প্ৰান্ততৰ বজাৰসমূহত জনসমাগম অভেদ্য বেহুলৈ পৰ্যবেক্ষিত হৈছে | সকলোৰে এটাই মত উলাই নাহিলে ল’ৰা-ছোৱালী কেইটাৰ মুখত ভাত নপৰে | অন্য দিনৰ ধৰে আজিও পানীখাটিৰ মাছৰ নীলাম বজাত, চন্দ্ৰপুৰ মাছৰ নীলান বজাৰৰ লগতে কলঙপাৰা বজাৰলৈ জীৱিকাৰ সন্ধানত উলাই আহিল শ শ লোক | নাই মাস্ক, নাই সামাজিক ব্যৱধান | এফালে জীৱিকা আনফালে কৰ’নাৰ নীতি-নিৰ্দেশনা, কোনটো গ্ৰহণ কৰিব চিন্তা কৰি অৱশেষত ওলাই আহিল তেওঁলোক |

Exit mobile version