পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিঃ মহানগৰীত ঘোৰা গাড়ীত প্ৰধানমন্ত্ৰী

G

পেট্ৰ’ল-ডিজেলৰ ব্যাপক মূল্যবৃদ্ধি বাবেই বাহন চলাব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোৰাগাড়ীত যাতায়াত কৰা প্ৰতিকীৰে বুধবাৰে মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে | উল্লেখ্য যে একাধাৰে ইন্ধনৰ মুল্যবৃদ্ধিৰ লগতে বিজেপি চৰকাৰৰ জনবিৰোধী কাম-কাজৰ বিৰুদ্ধে বুধবাৰে ৰাজীৱ ভৱনৰ সমুখত প্ৰদেশ কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বহুকেইটা সমস্যা সমাধানৰ দাবীত ৰূপায়িত এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট শীৰ্ষক প্ৰতিবাদত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু উপ-সভাপতি ৰকিবুল হুচেইনকে ধৰি প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে কাৰ্যসূচীত অংশ লয় l

ADVERTISEMENT
Exit mobile version