হাতত কোৰলৈ পথাৰত নামিল বলিউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকী

nawazuddin siddiqui

মায়ানগৰী এৰি পথাৰত নামিল বলিউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকী ।এইবাৰ হাতত কোৰ লৈ খেতিৰ কামত লাগিছে অভিনেতা গৰাকী ।ইতিমধ্যে ইনষ্টাগ্ৰামত জনপ্ৰিয় হৈছে এই ভিডিঅ’টো। মুজ্জাফৰনগৰ এখন ফাৰ্মত খেতিয়ক হিচাপে কাম কৰি থকা এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেতা গৰাকীয়ে নিজেই ।

 

 

এই ভিডিঅ’ টোত নৱাজুদ্দিন ছিদ্দিকীক মূৰত কাপোৰ বান্ধি হাতত কোৰ লৈ পথাৰত কাম কৰি থকা অৱস্থাত দেখা গৈছে ।কিছু দিন পূৰ্বে মুম্বাইৰ পৰা জন্মস্থান উত্তৰ প্ৰদেশৰ মুজ্জাফৰনগৰ জিলাৰ বোধানালৈ উভতি আহিছে অভিনেতা গৰাকীয়ে।মুম্বাইৰ পৰা ঘূৰি অহাৰ পিছত হোম কোৱাৰেণ্টাইনো হ’ল অভিনেতা গৰাকী ।

লকডাউনৰ সময়খিনিত পৰিয়ালৰ লগত থাকি এইদৰে খেতিৰ কাম কৰিয়ে ব্যস্ত আছে অভিনেতা গৰাকীয়ে ।কিছুদিন পূৰ্বে ও অভিনেতাগৰাকীৰ পত্নীৰে স’তে বিচ্ছেদৰ ঘটনাই ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছিল।এইবাৰ কৃষকৰ ৰূপত পুনৰ চর্চা লাভ কৰিছে অভিনেতা গৰাকীয়ে।অৱশ্যে বলিষ্ঠ অভিনেতা গৰাকীৰ এই ষ্টাইলটোক বহুজনে পছন্দও কৰিছে ।

Exit mobile version