আঁকোৰগোজ ৰঙা চীনঃ পুনৰ সীমান্তত আন্তঃগাঁথনি নিৰ্মাণৰ ছবি

IMG 20200625 143328

ভাৰত চীনে লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনা অপসাৰণৰ বাবে একমত হোৱাৰ এদিন পিছতে উপগ্ৰহৰ দ্বাৰা সংগৃহীত ছবিত স্পষ্ট হৈছে চীনে গালৱান নদীৰ উপত্যকাৰ দুয়ো দিশে সম্পন্ন কৰি তোলা নিৰ্মাণ কাৰ্য । যোৱা ১৫ জুনত গালৱান উপত্যকাত ভাৰত চীন ৰক্তাক্ত সংঘৰ্ষত ২০ ভাৰতীয় সেনা নিহত হৈছিল । ভাৰতীয় সেনাৰ মতে চীনৰ কমেও ৪৫ জন সেনা হতাহত হৈছে । সংঘৰ্ষত এজন চীনা কৰ্ণেল নিহত হৈছে বুলি ভাৰতীয়পক্ষই দাবী কৰে ৷ উপগ্ৰহৰ দ্বাৰা সংগৃহীত ছবিত যোৱা ১৫ জুনত সংঘৰ্ষস্থলী পে’ট্ৰলপইন্ট ১৪ ত এটা অকলশৰীয়া শিবিৰ আছে। এই নতুন ছবিয়ে অৱশ্যে চীনা অৱস্থিতিৰ সম্ভাব্য সুৰক্ষামূলক স্থিতি দাঙি ধৰিব পাৰে বুলিও কোৱা হৈছে ।

নিয়ন্ত্ৰণ ৰেখাত সমীপতে দেখা গৈছে যে কিছুমান আশ্ৰয়স্থলী বা সেনাই বাহৰ পাতি থাকিব পৰা গাঁথনি আছে । পূৰ্বতে এইসমূহ নাছিল । পে’ট্ৰলপইন্ট ১৪ ত বহিঃৰাগত শত্ৰুৰ প্ৰবেশ স্পষ্ট ৷প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আমাৰ দিশত চীনে প্ৰতিৰক্ষামূলক গাঁথনি নিৰ্মাণ কৰিছে যেন লাগিছে । এইদৰে কয় অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ৰমেশ পাড়িয়ে ৷ তেওঁ দেশৰ অতিৰিক্ত মহাজৰীপক ৰূপে অৱসৰ লৈছে । এই বিষয়াজনে কয়, ছবিত স্পষ্ট যে গধুৰ বাহনৰ চলাচল হৈছে ৷ ইয়াৰ দ্বাৰা বোধগম্য হয় যে তেওঁলোকে (চীনা সৈন্য)ই অঞ্চলটোত সেনা নিয়োগ কৰি ৰখাৰ উদ্দেশ্য আছিল । গালৱান উপত্যকাৰ এনে ছবিত প্ৰথমবাৰৰ বাবে গালৱান নদীৰ ওপৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা এক কিলোমিটাৰ কম নিলগত চীন কালভাৰ্ট নিৰ্মাণ কৰিছে ৷

যোৱা ১৬ জুনত ইতিপূৰ্বে সংগৃহীত আন এখন ছবিত দেখা গৈছিল যে গালৱান নদীত বুলড’জাৰৰ সহায়ত চীনে পানীৰ সোঁত বন্ধ কৰিছিল । ইয়াৰ পাছত উদ্ধাৰ হোৱা একেটা স্থানতে কালভাৰ্টৰ উপস্থিতি স্পষ্ট হয় । তদুপৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অভিমুখী পথছোৱা প্ৰচুৰ পৰিমাণে মাটি কঢ়িওৱা সা সজুঁলিৰে যথেষ্ট বহল কৰা হৈছে । নদীৰ পাৰত এই পথছোৱা বহল কৰা হৈছে ৷ ইপিনে সোমবাৰৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত চীনৰ দিশৰ চুশুলৰ সমীপৱৰ্তী মলড’ নামৰ স্থানত ভাৰত আৰু চীনৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ এক বৈঠকত দুই পক্ষ সেনা অপসাৰণৰ সিদ্ধান্ত লোৱাৰ পাছত লাডাখৰ সীমান্তত উত্তেজনা প্ৰশমিত হ’ব বুলি ধাৰণা কৰা হৈছে । অৱশ্যে ভাৰত সামৰিক নেতৃত্বই এতিয়াও এই আলোচনা প্ৰক্ৰিয়া যথেষ্ট সাৱধানতাৰে গ্ৰহণ কৰিছে । ভাৰতীয় সামৰিক নেতৃত্ব আশাবাদী হ’লেও চীনৰ কাৰ্যকলাপৰ বিৰুদ্ধে সন্দেহ পূৰ্ণ মাত্ৰাই আছে ৷যোৱা এপ্ৰিলতো চীনে অনুপ্ৰবেশ কৰিছিল। লাডাখৰ পাংগং হ্ৰদৰ পাৰত এই অনুপ্ৰবেশ কৰিছিল চীনে ৷ ইয়াৰোপৰি গালৱান উপত্যকাৰ লগতে ডেপচাং উপত্যকাটো চীনৰ দৃষ্টি আছে ।

Exit mobile version