উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অষ্টম স্থান দখল পলাশবাৰী বঙৰাৰ চিন্ময় নাথৰ

IMG 20200625 WA0055

আজি ঘোষিত উচ্চতৰ মাধ্যমিক ফলাফল অনুসৰি পলাশবাৰী সমষ্টিৰ  বঙৰা- বিষ্ণুপুৰৰ চিন্ময় নাথ নামৰ মেধাৱী ছাত্র গৰাকীয়ে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত পৰীক্ষাত অবতীৰ্ণ হৈ সৰ্বমুঠ ৪৭৫ নম্বৰেৰে অসমৰ ভিতৰত অষ্টম স্থান দখল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । আটাইবোৰ বিষয়ত লেটাৰ নম্বৰসহ  ৯৫% নম্বৰ লাভ কৰা কৃতি ছাত্র চিন্ময়ে ইংৰাজীত ৯২, বিকল্প ইংৰাজীত ৯৪, পদাৰ্থ বিজ্ঞানত ৯৮, ৰসায়ন বিজ্ঞানত ৯৫, গণিতত ৮৪ আৰু জীৱ বিজ্ঞানত ৯৬ নম্বৰ লাভ কৰি এই কৃতিত্ব অৰ্জন কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো গণিতত ১০০ নম্বৰ সহ ৯৪.৬ শতাংশ নম্বৰ লাভ কৰা মেধাৱী ছাত্র চিন্ময়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে । ভেঞ্চাৰ স্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ নাথ আৰু পত্নী ভাৰতী নাথে বহু দুখ কষ্টৰ মাজেৰে পুত্ৰ চিন্ময়ক নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত নামভৰ্ত্তি কৰি দিছিল।আজি পুত্ৰৰ সাফল্যত দেউতাক,মাকে আনন্দৰ চকুলোৰে বাসগৃহত উপস্থিত হোৱা সকলো শুভাকাংশীকে মিঠাই খুৱাই ধন্যবাদ জ্ঞাপন কৰে ।

চিন্ময়ৰ বঙৰাৰ বিষ্ণুপুৰৰ বাসগৃহত উপস্থিত হৈ পলাশবাৰী চক্ৰ বিষয়া ৰশ্মী বৰুৱা গগৈ,  দক্ষিণ কামৰূপ ছাত্র সন্থা, ই,পি,মিডিয়া ফ’ৰাম ছাউথ কামৰূপ, সাংবাদিক পৰিষদ কামৰূপ জিলা সমিতি, বিজপি নেতা ৰাজেন নাথ, গুৱাহাটী বজাৰ নিয়ন্ত্ৰণৰ অধ্যক্ষ প্ৰণব কলিতা, শংকৰ সংঘ, পলাশবাৰী অগপ , দক্ষিণ কামৰূপ সচেতন মঞ্চৰ মদন দাস আদিকে ধৰি বিভিন্ন দল সংগঠধৰ প্ৰতিনিধি সকলে ছাত্ৰজনক একোখন ফুলাম গামোচা, শৰাই, জাপি আদিৰে সম্বৰ্ধনা জনায়। সাক্ষাৎ কালত মেধাৱী ছাত্র চিন্ময়ে জানিবলৈ দিয়া অনুসৰি দৈনিক ১০/১২ ঘন্টা অধ্যয়ন কৰি ভাল ফলাফল পোৱাৰ আশাৰে অধ্যৱসায়ত ব্ৰতী হৈছিল। আজৰি সময়ত গান শুনি ভাল পোৱা ছাত্র গৰাকীয়ে আজি আশানুৰূপ  ফল লাভ কৰাৰ আঁৰত আৰ্থিক দিশত বহু বাধাৰ সৃষ্টি কৰিছিল বুলি জানিবলৈ দি অকপটে কয় ৷

এই ক্ষেত্ৰত ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা, শিক্ষকবৃন্দ, পিতৃৰ কষ্ট, মাতৃয়ে ভাড়াঘৰত চিলাই মেচিন লৈ চিলাই কাম কৰি অৰ্জন কৰা অৰ্থ আৰু স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকা তথা টিউচন কৰি ভায়েকলৈ  ধন পঠোৱা একমাত্ৰ ভগ্নী দীক্ষিতা নাথৰ সহায় এই সফলতাৰ আঁৰত লুকাই থকা বুলি স্বীকাৰ কৰে। পুত্ৰৰ এই গৌৰৱৰ সময়ত আনন্দৰ চকুলো টুকি পিতৃ ধৰ্মেশ্বৰ নাথে কয় – ২৭ বছৰ ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি একো নাপালো, কিন্তু আজি তাৰ ফলাফল অৰ্জন কৰা যেন অনুভৱ হৈছে। চিলাই কাম কৰি পুত্ৰৰ বাবে খৰচ উলিওৱা মাতৃৰ এই ত্যাগ দেখি, ভাড়া ঘৰৰ গৰাকী মুকুল বৰা, মৰমী বৰাই চিন্ময়ে ভাল পোৱা খাদ্যৰ যোগান ধৰা আৰু চিন্ময়ক পৰীক্ষাৰ পৰা অনা নিয়াৰ  কথা সুঁৱৰে। পুত্ৰৰ এই কৃতিত্বৰ বাবে মাতৃ ভাৰতী নাথে ৰামানুজন কলেজৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই কৰা আৰ্থিক তথা পৰামৰ্শ আৰু যত্ন অবিহনে সম্ভৱ নহ’লহেঁঁতেন বুলি কয়। বঙৰা অঞ্চলৰ ৰাইজে কৃতিমান ছাত্ৰ চিন্ময়ক লৈ গাঁৱৰ মাজেৰে শোভাযাত্ৰা উলিয়াই।বিজেপিৰ নেতা হিমাংশু শেখৰ বৈশ্য চিন্ময়ৰ বাসগৃহত উপস্থিত হৈ ছাত্রগৰাকীক পাঁচ হাজাৰ টকা আৰ্থিক অনুদান আগবঢ়াই শুভেচ্ছা জ্ঞাপন কৰে ।

Exit mobile version