কৰ’না ভাইৰাছৰ কাৰণে আই আই টি ব’ম্বেৰ এক বিশেষ সিদ্ধান্ত

unnamed 3

কৰ’না ভাইৰাছে প্ৰভাৱ পেলাইছে দেশৰ শিক্ষাৰ্থীসকলৰ ওপৰত ৷ এইবাৰ কৰ’নাৰ কাৰণে ব’ম্বেৰ আই আই টি য়ে ৬২ বছৰীয়া ইতিহাসত ল’বলৈ বাধ্য হ’ল এক বিশেষ সিদ্ধান্ত । সিদ্ধান্ত অনুসৰি চলিত বৰ্ষত ছাত্ৰছাত্ৰীসকলে অনলাইন ক্লাছৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব। পৰৱৰ্তী চেমিষ্টাৰৰলৈকে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ কাৰণে এই সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰিছে আই আই টিৰ সঞ্চালক সুভাশীষ চৌধুৰীয়ে ৷

লগতে সুভাশীষ চৌধুৰীয়ে কয় যে অনলাইন ক্লাছৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ শিক্ষাত কোনো ধৰণৰ প্ৰভাৱ নপৰে ৷ ক’ভিড-১৯ৰ সমান্তৰালভাৱে আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ ওপৰতো বিভিন্ন চৰ্চা অব্যাহত ৰাখিছো ৷ আমি শ্ৰেণীসমূহ আৰম্ভ কৰোতে যাতে পলম নহয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছো। আনহাতে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছৰ কাৰণে লেপটপ ল’বলৈ সক্ষম নহয় তেওঁলোকক আই আই টি ফালৰ পৰায়ে লেপটপ যোগান ধৰা হ’ব বুলি জনায় সঞ্চালক সুভাশীষ চৌধুৰীয়ে ৷

Exit mobile version