দ্ৰৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে নুমলীগড়ৰ জুলীয়ে

239

সাধাৰণ পান তামোলৰ এখন দোকান দিও নিজৰ সন্তানক মানুহ কৰাৰ সপোন দেখা  নুমলীগড়ৰ তেলগৰম গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ কন্যা জুলী বৈশ্যই আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা কলা শাখাত অসমৰ ভিতৰতে চতুৰ্থ স্থান অধিকাৰ কৰি নুমলীগড়লৈ গৌৰৱ কঢ়িয়াই আনে ৷ কঠোৰ দৰিদ্ৰতাকো নেওচি একাগ্ৰতা আৰু সাধনাৰ বলতে জুলীয়ে অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, বুৰঞ্জী আৰু অৰ্থনীতি বিষত লেটাৰসহ মুঠ ৪৭২ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

ADVERTISEMENT

ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন থকা জুলীয়ে এই সফলতাৰ কাৰণে এই সফলতাৰ আঁৰত পিতৃ মাতৃৰ ত্যাগ আৰু ৰামানুজনৰ শিক্ষাগুৰুসকলৰ অৱদানক কৃতজ্ঞতাৰে সোঁৱৰে । পিতৃ তৰুণী বৈশ্য আৰু মাতৃ মঞ্জু বৈশ্যৰ কন্যা মেধাৱী ছাত্ৰী গৰাকীৰ এই সাফল্যত নগাঁও ৰামানুজন জুনিয়ৰ কলেজ কৰ্তৃপক্ষৰ লগতে পিতৃ মাতৃ আৰু সমগ্ৰ নুমলীগড় তথা তেলগৰম অঞ্চলতে আনন্দৰ বন্যা বিয়পি পৰে । আজি ফলাফল ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ নুমলীগড় অঞ্চলৰ ৰাইজৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মৰঙি প্ৰেচ ক্লাব আদিয়ে জুলীক  শুভেচ্ছা জ্ঞাপন কৰে।

Exit mobile version