একাগ্ৰতাৰে অধ্যয়ন কৰিলে দৰিদ্ৰতাও যে হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে নাজিৰা মহকুমাৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোহাঁয়ে । আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লাভেৰে অসমৰ শীৰ্ষৰ অষ্টম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা নামতিলৈ গৌৰৱ কঢ়িয়াই আনিলে পিতৃহাৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী হিমাঞ্জলী বুঢ়াগোঁহাইয়ে | নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী হিমাঞ্জলী বুঢ়াগোঁহাইৰ সাফল্যত এতিয়া সমগ্ৰ শিৱসাগৰ জিলাতে আনন্দৰ বন্যা বৈছে | প্ৰয়াত কমল বুঢ়াগোঁহাইৰ আৰু মনিমালা বুঢ়াগোঁহাইৰ জ্যেষ্ঠা কন্যা হিমাঞ্জলী বুঢ়াগোঁহাইৰ সৰুৰে পৰা তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰী আছিল | বিশেষভাৱে সক্ষম বৰদেউতাক মন্টুৰঞ্জন বুঢ়াগোঁহাইৰ লগত থাকি অভাৱৰ মাজেৰে অধ্যয়ন কৰি অতি দাৰিদ্ৰতাৰে জীৱন নিৰ্বাহ কৰা ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ডিষ্টিংচন লাভ কৰিছিল | আনহাতে ছাত্ৰী হিমাঞ্জলীয়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ৷
দৰিদ্ৰতাক নেওচি বিজ্ঞান শাখাত অষ্টম স্থানত উজ্জ্বলিল নামতিৰ হিমাঞ্জলী বুঢ়াগোঁহাই
-
By publisher

- Categories: Assam, Education, News
- Tags: AssamHS Result 2020
Related Content
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
By
publisher
April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
By
publisher
April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
By
publisher
April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
By
publisher
April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন
By
publisher
April 27, 2026
গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত
By
publisher
April 27, 2026