উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত অষ্টম স্থান দখলেৰে দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চল উজ্বলাই তুলিল দৰিদ্ৰ কৃষক পৰিয়ালৰ মেধাৱী ছাত্ৰ মনিৰুল ইচলামে ৷ মনিৰুলে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত অষ্টম স্থান দখলেৰে এই কৃতিত্ব অৰ্জন কৰে ৷ ইয়াৰ বাবে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে বৃহত্তৰ গৰৈমাৰী অঞ্চলৰ লগতে মনিৰুলৰ বাসগৃহত ৷
ছয়গাঁৱ সমষ্টিৰ গৰৈমাৰীৰ মহিমাৰী গাঁৱৰ আমিৰ হামজা আৰু মমতাজ বেগমৰ সুযোগ্য সন্তান হৈছে মনিৰুল ৷ মনিৰুলৰ এই স্থান দখলৰ আগতীয়া খৱৰ পায়ে ৰামানুজন কলেজ কতৃপক্ষই কালি সন্ধিয়াই মহিমাৰীৰ বাসগৃহৰ পৰা নগাঁৱলৈ লৈ যায় মনিৰুলক ৷ অতি দৰিদ্ৰ কৃষক পৰিয়ালৰ মনিৰুলে অশেষ কষ্টৰে অধ্যয়ন কৰিছিল কলেজত ৷ প্ৰথমবাৰৰ বাবে বিজ্ঞান শাখাত গৰৈমাৰী অঞ্চলৰ পৰা স্থান দখল মনিৰুলৰ ৷ উৎফুল্লিত ছয়গাঁৱৰ লগতে গৰৈমাৰীবাসী ৷ উল্লেখ্য যে, মনিৰুলৰ পিতৃয়ে বকো বজাৰত আলু, পিয়াজ, শাক পাচলিৰ ব্যৱসায় কৰি পুত্ৰৰ পঢ়োৱাইছিল |