কাহিলিপাৰাৰ পাৱাৰ হাউছৰ সমীপত ভূমিস্খলন

WhatsApp Image 2020 06 26 at 12.01.06 PM

গুৱাহাটী মহানগৰীত ক্ৰমাত বৃদ্ধি পাব ধৰিছে ভূমিস্মলনৰ ঘটনা । পুৱতি নিশা অহা বৰষুণৰ ফলত কাহিলীপাৰাৰ পাৱাৰ হাউছৰ সমীপত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। এটা বাসগৃহ ওপৰত মাটি আৰু গাৰ্ড ৱাল খহি হেচা মাৰি ধৰাৰ ফলত বহু ঘণ্টা হেচাত আবদ্ধ হৈ আছে ভৰত কলিতা নামৰ এজন লোক । আঘাতপ্ৰাপ্ত হৈছে ক্ৰমে উষা বৰা(৬২), গোলাপী কলিতা(১৮) আৰু ভৰত কলিতা(৪৫)।

দুৰ্যোগৰ স’তে মোকাবিলা কৰা দলে আবদ্ধ লোকজনক উদ্ধাৰৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ দুপৰীয়া পৰ্যন্ত সক্ষম হোৱা নাই | দুয়োখন ভৰিত খহি অহা মাটি আৰু গাৰ্ড ৱালে হেচা মাৰি ধৰিছে লোকজনৰ। পুৱা শুই থকা অৱস্থাত হোৱা ভূমিস্খলনৰ ফলত পৰিয়ালটোৰ আৰু দুগৰাকী লোক আঘাতপ্ৰাপ্ত হৈ হায়াত হাস্পতালত চিকিৎসাধীন | উল্লেখ্য যে উষা বৰা ঘৰটোৰ মালিক আৰু গোলাপী কলিতা আৰু ভৰত কলিতা উক্ত ঘৰটোতে ভাৰাতীয়া হিচাপে আছিল।

Exit mobile version