দেশত ২৪ ঘণ্টাত সংক্ৰমিতৰ সংখ্যা ১৭ হেজাৰলৈ বৃদ্ধি

coronavirus4m utz5jt

দিনে দিনে দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই সংক্ৰমণ বৃদ্ধিত চিকিৎসকৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞ মহলত উদ্বেগ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত প্ৰায় ১৭ হেজাৰ লোক অৰ্থাৎ ১৬,৯২২ জন নতুনকৈ আক্ৰান্ত হৈছে। এই পৰ্যন্ত এই সংখ্যা ২৪ ঘণ্টাত সংক্ৰমণৰ ক্ষেত্ৰত সৰ্বাধিক। ইয়াৰ পূৰ্বে এদিনত এই বৃহৎ সংখ্যক সংক্ৰমণ হোৱা নাছিল। আজি পৰ্যন্ত দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪,৭৩,১০৫ জন। মৃত্যু হৈছে ১৪, ৮৯৪ জনৰ আৰু সুস্থ হৈছে ২,৭১,৬৯৬। দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৪২,৯০০ জন আক্ৰান্ত হৈছে। ৰাজ্যখনত মৃত্যু হৈছে ৬,৭৩৯ জনৰ।

দিল্লীত এই পৰ্যন্ত ৭০,৩৯০ জন, তামিলনাডুত ৬৭,৪৬৮ , গুজৰাটত ২৯,৫৭৮ আৰু উত্তৰ প্ৰদেশত ১৯,৫৫৭ জন সংক্ৰমিত হৈছে। কৰ’নাত মৃতকৰ সংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত২৪ ঘণ্টাত ৪১৮ জনৰ মৃত্যু হৈছে। অৱশ্যে দেশত সুস্থ হৈ উঠাৰ সংখ্যা বৃদ্ধিয়ে স্বস্তি কঢ়িয়াইছে। কিয়নো সুস্থ হৈ উঠা ৰোগীতকৈ সক্রিয় ৰোগীৰ সংখ্যা কম। কৰ’না সংক্ৰমণৰ হিচাপত আন আক্ৰান্ত ৰাজ্যকেইখন হৈছে ৰাজস্থান(১৬,০০৯), পশ্চিমবঙ্গ(১৫,১৭৩), মধ্য প্ৰদেশ(১২,৫৯৫), হাৰিয়ানা(১২,০১০), অন্ধ্ৰপ্ৰদেশ(১০,৩৩১), কৰ্ণাটক(১০,৫৬০), তেলেংগানা(১০,৪৪৪) আদি। ইপিনে, দিল্লীত এই পর্যন্ত মৃত্যু হৈছে ২,৩৬৫ জনৰ , তামিলনাডুত ৮৬৬ জনৰ, গুজৰাটত ১,৭৫৪ , উত্তৰ প্ৰদেশত ৫৯৬ জনৰ , পশ্চিম বংগত ৫৯১ জনৰ , মধ্য প্ৰদেশত ৫৪২ জনৰ মৃত্যু হৈছে।

Exit mobile version