আজিও ভাৰতত কৰ’নাৰ দৰে মহামাৰীৰ পৰিৱৰ্তে সৰ্বাধিক সংখ্যক লোকে মৃত্যুবৰণ কৰি আহিছে যক্ষ্মা(টিবি)ৰোগত আক্রান্ত হৈ । পৰিসংখ্যা অনুসৰি ২০১৯ বৰ্ষত ভাৰতত প্ৰায় ২৪ লাখ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াৰে ৭৯ হেজাৰ লোকে এই ৰোগত প্রাণ হেৰুৱাইছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যাতকৈ কম হলেও প্ৰতি তিনিমাহত আজিও ভাৰতত প্ৰায় ২০ হেজাৰ লোকে যক্ষ্মা ৰোগত প্ৰাণ হেৰুৱাব লগা হৈছে । যক্ষ্মাত ইমান বৃহৎ সংখ্যক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যোৱা চাৰে তিনিমাহত ভাৰতত কৰ’না ভাইৰাছত সংক্ৰমিত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫হেজাৰ । কালি কেন্দ্ৰীয় স্বাস্থ্য সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰি এইসমূহ তথ্য ৰাজহুৱা কৰে ।
এই প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, যোৱা বছৰৰ তুলনাত দেশত যক্ষ্মাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১ শতাংশ বৃদ্ধি পাইছে । বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি ২০১৯ ত ভাৰতত ২৬.৯ লাখ যক্ষ্মাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছিল যদিও উক্ত বৰ্ষত ভাৰতত ২৪ লাখ লোক এই ৰোগত সংক্ৰমিত হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাই ২০১৯ ত ভাৰতত ৪.৪ লাখ লোকৰ যক্ষ্মাত মৃত্যু হ’ব বুলি পূৰ্বনুমান কৰিছিল যদিও প্ৰকৃততে দেশত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৭৯,১৪৪ জন । ২০১৯ বৰ্ষত মুঠ যক্ষ্মা আক্ৰান্তৰ ২৮ শতাংশই বেচৰকাৰী হস্পাতালত চিকিৎসা গ্ৰহণ কৰিছিল । দেশৰ ভিতৰতে যক্ষ্মাত আক্ৰান্ত সৰ্বাধিক সংখ্যক ৰোগী ধৰা পৰিছে উত্তৰ প্ৰদেশ(২০ শতাংশ), মহাৰাষ্ট্ৰ(ন শতাংশ), মধ্য প্ৰদেশ(আঠ শতাংশ), ৰাজস্থান(সাত শতাংশ) আৰু বিহাৰ(সাত শতাংশ)ত।