কৰ’না ভাইৰাছৰ নমুনা পৰীক্ষাৰ সময়ত অধিকাংশই দিছে ভূৱা নম্বৰ

3coronavirus 82

ভয়ংকৰ পৰিস্থিতি সূচনা হোৱাৰ দিশে গতি কৰিছে গুৱাহাটী মহানগৰী ৷ দ্ৰুতহাৰত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিক কেন্দ্ৰ কৰিয়ে এই আশংকা ঘনীভূত হৈছে ৷ এই আশংকাত অধিক সাৰপানী যোগাইছে মহানগৰীৰ বিভিন্ন ক’ভিড-১৯ কেন্দ্ৰত লেলাউটিৰ নমুনা প্ৰদানৰ বাবে অহা একাংশ লোকে । স্বাস্থ্য বিভাগৰ এক সূত্ৰই সদৰী কৰি জনোৱা মতে, বিগত এসপ্তাহ ধৰি কেৱল কামৰূপ মহানগৰ জিলাতে গড় হিচাপত দৈনিক ১৫০ জনকৈ লোক কৰ’নাত আক্ৰান্ত হৈছে । কৰ’নাত আক্ৰান্তৰ তথ্য নিশ্চিত হোৱাৰ পাছতে সংশ্লিষ্ট লোকসকলক হাস্পতালত ভৰ্তি কৰোৱাতো বাধ্যতামূলক ৷ কিন্তু বিভিন্ন ক’ভিড-১৯ কেন্দ্ৰত লেলাউটিৰ নমুনা প্ৰদানৰ বাবে অহা একাংশ লোকে নিজৰ ঠিকনা আৰু ফোন নম্বৰ ইচ্ছাকৃতভাৱে ভূলকৈ দিয়ে ৷ ফলত সংশ্লিষ্ট লোকসকলৰ অৱস্থিতি নিশ্চিত কৰি কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত বাৰুকৈয়ে জটিলতাৰ সন্মুখীন হ’বলগীয়া হৈছে স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক ।

অৱশ্যে সংশ্লিষ্ট লোকসকলে চতুৰালি কৰিলেও বিভিন্ন প্ৰক্ৰিয়াৰে সেইসকল লোকৰ অৱস্থিতি নিশ্চিত কৰি পৰ্যায়ক্ৰমে বিভিন্ন ক’ভিড-১৯ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । কিন্তু বৰ্তমানো কামৰূপ মহানগৰ জিলাত ঠিকনা আৰু যোগাযোগ নম্বৰ ভূলকৈ দিয়া আন সাতজন অৱস্থিতি নিশ্চিত কৰিব পৰা নাই । সংশ্লিষ্ট লোকসকলৰ বাবে এই সময়ছোৱাত সংস্পৰ্শলৈ অহা আন লোকলৈ কৰ’নাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থকা বুলি সূত্ৰটোৱে জনায় । ইয়াৰ বাবে এতিয়াৰে পৰা ক’ভিড কেন্দ্ৰত লেলাউটিৰ নমুনা প্ৰদান কৰা প্ৰতিজনে বাধ্যতামূলকভাৱে নিজৰ ঠিকনা আৰু যোগাযোগ নম্বৰ শুদ্ধকৈ দিব লাগিব । আৰু পৰীক্ষাৰ ফলাফল নোলোৱা পৰ্যন্ত ঘৰতে কোৱাৰেন্টাইনত থকাৰ বাবে প্ৰতিজ্ঞাপত্ৰত স্বাক্ষৰ কৰিব লাগিব বুলি সূত্ৰটোৱে উল্লেখ কৰে । ইফালে কামৰূপ মহানগৰ জিলাত নতুনকৈ কৰ’নাত আক্ৰান্ত হয় চিকিৎসক হোটেলৰ কৰ্মচাৰীসহ আন দুশসহ লোক। এইসকল লোকৰ ভিতৰতো কমেও ১৮ জন লোকৰ ঠিকনা আৰু যোগাযোগৰ নম্বৰ খেলিমেলিৰ বাবে স্বাস্থ্য বিভাগৰ হাহাকাৰ সৃষ্টি হয় ৷

পৰৱৰ্তী পৰ্যায়ত অৱশ্যে সংশ্লিষ্ট লোকসকলৰ অৱস্থিতি নিশ্চিত কৰে স্বাস্থ্য বিভাগে ৷ যোগাযোগ নম্বৰ আৰু ঠিকনা দিয়া সকলৰ ভিতৰত আছে ৰাজিন্দৰ মাহানী, ললিতা দেৱী, প্ৰিয়া কুমাৰী, প্ৰীতি কুমাৰী, মনীষ শ্বাস, ৰাজা কুমাৰ, ৰাকেশ গিৰি, ফুলমতি ৰাম, দেলিপ ৰাম, উত্তৰা বৈশ্য, উমা তীব্ৰেৱাল, নাৰায়ণ দাস, লিটন চৰকাৰ, ৰিয়াজুল হক, অভিষেক ৰয়, ৰবি চৌধুৰী, নিশান কুমাৰ সুৰেকা, ইন্দিকা কৌৰ, নজৰুল ইছলাম আদি। ইয়াৰ একাংশ লোকৰ মোবাইল চুইচঅফৰ লগতে আন একাংৰ আকৌ আন ভেলিড’। আনহাতে চিকিৎসক ড° সপ্তৰ্ষি মহন্ত, হোটেল ৰাজমহলৰ কৰ্মচাৰী চিদানন্দ দাস, জি এন আৰ চিত চিকিৎসাধীন হৈ চলি থকা কপিল দেও সিঙকে ধৰি দুশজনৰ শৰীৰত শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ লগে লগে কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা সাত শতাধিকলৈ বৃদ্ধি পোৱা বুলি সূত্ৰটোৱে উল্লেখ কৰে ।

Exit mobile version