শ্বহীদ জোৱানসকলৰ বিধবা পত্নীৰ কান্দোন, মাতৃৰ চকুৰ পানী,আপোনালোকে পাহৰিব পাৰিব ?

Kangana Ranaut 2 1

গান্ধীয়ে কৈছিল যে ভাৰতৰ পৰা ইংৰাজক নিঃশেষ কৰিবলৈ হ’লে আমি তেওঁলোকৰ প্ৰত্যেকটো বস্তুক বহিস্কাৰ কৰিব লাগিব ৷ গতিকে আমিও এইখন যুদ্ধত অংশ লোৱাৰ প্ৰয়োজনীয়তা নাই নেকি?

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে সততে যিকোনো বিষয়ক লৈ মন্তব্য কৰি চৰ্চা লাভ কৰি থাকে ৷ এইবাৰ কংগনাই ভাৰত চীন সীমান্তত শ্বহীদ হোৱা ২০ জন ভাৰতীয়ক গভীৰ শ্ৰদ্ধাঞ্জলী প্ৰদান কৰে । লগতে চীনৰ সকলো বস্তু বহিস্কাৰ কৰিবলৈ জনসাধাৰণক আহ্বান কৰে ৷ টীম কংগনা ৰানাৱট টুইটাৰ হেণ্ডেলৰ পৰা অভিনেত্ৰী কংগনাই এটি ভিডিঅ’ শ্বেয়াৰ কৰি লিখে “কংগনা ৰানাৱটে লাডাখত চীনা সৈন্যৰ লগত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় সেনাসকলৰ লগত হোৱা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷

ADVERTISEMENT

লগতে কংগনাই কয় যে দেশৰ জনতাই শ্বহীদসকলৰ বলীদানক কেতিয়াও পাহৰিব নালাগে ৷ কাৰণ এইয়া আমাৰ দেশৰ ওপৰত কৰা আক্ৰমণ ৷ এটি ভিডিঅ’ৰ জৰিয়তে কংগনাই কয় “যদি কোনোবাই আমাৰ হাতৰ আঙুলি কটাৰ চেষ্টা কৰে? তেতিয়া হ’লে আপোনাক কেনে ধৰণৰ কষ্ট হ’ব? লাডাখৰ ওপৰত চকু দি সেই একেই কষ্ট আমাক চীনে দিছে ৷ আৰু তাতেই ভাৰতীয় সেনাই আমাৰ এক ইঞ্চি মাটি বচাই বচাই ২০ জন সেনা জোৱান শ্বহীদ হৈ গ’ল । সেই শ্বহীদ জোৱানসকলৰ বিধবা পত্নীৰ কান্দোন, মাতৃৰ চকুৰ পানী,আপোনালোকে পাহৰিব পাৰিব ? গতিকে চীন ভাৰতৰ এই যুদ্ধ কেৱল সেনাৰ বা চৰকাৰৰ বুলি ভবাটো সমীচীন হ’বনে? তাত আমাৰ কোনো দায়িত্ব নাই নে ?

লগতে কংগনাই মহাত্মা গান্ধীৰ প্ৰসংগ উত্থাপন কৰি কয় “গান্ধীয়ে কৈছিল যে ভাৰতৰ পৰা ইংৰাজক নিঃশেষ কৰিবলৈ হ’লে আমি তেওঁলোকৰ প্ৰত্যেকটো বস্তুক বহিস্কাৰ কৰিব লাগিব ৷ গতিকে আমিও এইখন যুদ্ধত অংশ লোৱাৰ প্ৰয়োজনীয়তা নাই নেকি? কাৰণ লাডাখ কেৱল এটা মাটিৰ টুকুৰা নহয় ৷ ভাৰতৰ এক অবিচ্ছেদ্য অংগ । আমি কেতিয়াও আমাৰ শত্ৰুক তেওঁলোকৰ লক্ষ্যত উপনীত হ’বলৈ নিদিও ৷ আমি আমাৰ দেশত থকা চাইনীজ বস্তু, তেওঁলোকৰ কম্পেনী আদি সকলোবোৰ বহিস্কাৰ কৰিম ৷ কাৰণ চীনে আমাৰ পৰাই লৈ অস্ত্ৰ শস্ত্ৰ কিনি আমাকে আক্ৰমণ কৰে ৷ সেয়েহে সকলোকে চীনৰ বস্তু বৰ্জন কৰিবৰ কাৰণে আৰু সকলোকে আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান কৰে কংগনাই ৷ উল্লেখযোগ্য যে ১৫ জুনত গালৱানত হোৱা চীন ভাৰতৰ সংঘৰ্ষত ২০ জন সেনা জোৱান শ্বহীদ হৈছিল ৷ ইয়াৰ বিপৰীতে চীনৰ প্ৰায় ৪০ জন সেনা জোৱান নিহত হৈছিল ৷

Exit mobile version