চাঞ্চল্যঃ সুশান্তৰ কোঠাত উদ্ধাৰ “বাথৰ’ব বেল্ট’

11

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল নে অভিনেতাজন হত্যাৰ সন্মুখীন হৈছিল ৷ সেই সন্দৰ্ভত সম্প্ৰতি উত্তেজনা অব্যাহত আছে ৷ আজি যশৰাজ ফিল্মৰ কাষ্টিং পৰিচালক চানু শৰ্মাকে ধৰি দুজনক জেৰা কৰে বান্দ্ৰা আৰক্ষীয়ে ৷ তাৰ মাজতে সুশান্তৰ মৃত্যুক লৈ ন ন তথ্যৰ উদ্ভাৱনে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাৰণ সুশান্তৰ কোঠালিত পাইছে এডাল “বাথৰ’ব বেল্ট” ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ১৪ জুনত যেতিয়া সুশান্তৰ মৃতদেহ কোঠালিত ওলমি আছিল, সেই সময়ত আৰক্ষীয়ে লাভ কৰিছিল এডাল বাথৰ’ব বেল্ট ৷ সেই বেল্টডাল এখন টেবুলৰ ওপৰত দুটুকুৰা হৈ পৰি আছিল। আৰক্ষীৰ সন্দেহ সুশান্তই প্ৰথমতে এই বাথৰ’ব বেল্টডালেৰে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল যদিও পিছত সেইডাল চিগি যায় ৷

উল্লেখযোগ্য যে তদন্তত পোৱা তথ্য অনুসৰি সুশান্তে ফাচী লোৱা বিচনাৰ পৰা চিলিঙৰ উচ্চতা ৫ ফুট ১১ ইঞ্চি আৰু সুশান্তৰ উচ্চতা ৫ ফুট ১০ ইঞ্চি। আনহাতে সুশান্তে ফাঁচী লোৱা কুৰ্তাটোৱে সুশান্তৰ দৰে এজন স্বাস্থ্যবান লোকৰ ওজন ধৰি ৰাখিবলৈ কেনেকৈ সক্ষম হ’ল সেই সন্দৰ্ভতো সম্প্ৰতি তদন্ত অব্যাহত আছে ৷ আৰক্ষীয়ে অৱশ্যে এই সকলো তথ্যৰ উৎস বিচাৰি সুশান্তে ফাঁচী লোৱা কুৰ্তাটো ফৰেণছিক পৰীক্ষা কৰিবলৈ পঠাইছে । আশা কৰা হৈছে সুশান্তৰ আত্মহত্যা প্ৰসংগত সকলো তথ্য ফাদিল হ’ব ৷ এজন আৰক্ষী বিষয়াৰ মত অনুসৰি “বেল্টৰ টুকুৰাটো তলত পৰি থকা দেখি আমাৰ মনত সন্দেহ ওপজে । তদন্ত কৰি বুজিলো যে অভিনেতাজনে প্ৰথমতে বাথৰ’বৰ বেল্টে আত্মহত্যাৰ চেষ্টা কৰিছিল । যদিও বেল্টডাল চিগি যায় । ইয়াৰ পিছতে সুশান্তে আলমাৰিৰ পৰা এটা কুৰ্তা উলিয়াই আত্মহত্যা কৰে।” অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ সন্দেহজনক তথ্য উদ্ধাৰ হোৱা নাই । আৰু মৰণোত্তৰ ফাইনেল ৰিপৰ্টতো সুশান্তৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন পোৱা নাই আৰক্ষীয়ে।

Exit mobile version