জনপ্ৰিয় চলচিত্ৰ পৰিচালক কৰণ জোহৰৰ অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। ইনষ্টাগ্ৰামত প্ৰায় পাঁচ লাখ অনুৰাগীয়ে আনফল’ কৰিছে কৰণ জোহৰক । পূৰ্বে ইনষ্টাগ্ৰামত কৰণ জোহৰৰ অনুৰাগীৰ সংখ্যা এঘাৰ মিলিয়নৰো অধিক আছিল । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত ছ’চিয়েল মিডিয়াত বলিউড জগতৰ ৰাজনীতি আৰু বংশবাদক লৈ বহু চর্চা চলি আছে । এই বিতৰ্কৰ শীৰ্ষত আছে পৰিচালক কৰণ জোহৰৰ নাম । কৰণ জোহৰে বংশবাদক অধিক স্থান দিয়াৰ অভিযোগ উত্থাপন কৰিছে সুশান্ত সিং ৰাজপুতৰ অনুৰাগী সকলে । বলিউডৰ অভিনেতা-অভিনেত্ৰীয়েও ইতিমধ্যে এই বংশবাদক লৈ বিভিন্ন মন্তব্য কৰিছে । এই চৰ্চালৈ অহাৰ পিছতেই দিনে দিনে অনুৰাগীৰ সংখ্যা হ্ৰাস পাব ধৰিছে পৰিচালকজনৰ। ছ’চিয়েল মিডিয়াত চলা এই বিতৰ্কৰ পাছতে ‘মামি’ বৰ্ডৰ সদস্যৰ পদ ত্যাগ কৰিছে পৰিচালক কৰণজোহৰে ।
ছ’চিয়েল মিডিয়াত হ্ৰাস পাইছে কৰণ জোহৰৰ অনুৰাগীৰ
-
By publisher

- Categories: Uncategorized
- Tags: Bollywood NewsKaran Johar
Related Content
Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ' বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
By
publisher
February 22, 2025
Punjab :পঞ্জাৱক বদনাম কৰাৰ চেষ্টা !
By
publisher
February 15, 2025
ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ
By
publisher
February 8, 2025
বুধবাৰে আমেৰিকালৈ ৰাওনা হ'ব নৰেন্দ্র মোদী !
By
publisher
February 8, 2025
ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
By
publisher
February 6, 2025
Delhi:‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী
By
publisher
February 2, 2025