ফিল্মী ষ্টাইলত এগৰাকী অভিনেত্ৰীক প্ৰশংসা ছলমান খানৰঃ কিন্তু কোন এইগৰাকী অভিনেত্ৰী?

1590843203 When Sushmita Sen revealed the reason why Salman Khan is

বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনে শেহতীয়াকৈ “আৰ্য়া”নামৰ এখন ৱেব চিৰিজৰ জৰিয়তে অনুৰাগীসকলৰ মাজলৈ আহিছে ৷ সেইসময়তে “Maine pyaar kyun kiya”, “বিবী নাম্বাৰ ওৱান” আদি ছবিৰ সহ অভিনেতা ছলমান খানে “আৰ্য়া”ৰ প্ৰথম এপিছডটো চাই প্ৰশংসাৰে ওপচাই পেলাই অভিনেত্ৰী সুস্মিতাক। ছলমানে টুইটাৰ যোগে সুস্মিতাক প্ৰশংসা কৰি লিখে ” Swagat toh karo Aarya ka, What a comeback and what a show .সুস্মিতা সেন বহুত শুভেচ্ছা আৰু বহুত মৰম ৷” আনহাতে ছলমানে ফিল্মী ষ্টাইলত কৰা প্ৰশংসাক ইতিমধ্যে আদৰি লৈছে অনুৰাগীয়ে। লগতে ছলমানে সুস্মিতাৰ অভিনয়ক প্ৰশংসা কৰিবলৈ গৈ অভিনেতাজনৰ ছবি Wantedৰ এটা সংলাপ আওৰাই কয়” এবাৰ যদি মই প্ৰথম এপ্ৰিচডটো চাওঁ ৷

ইয়াৰ পিছত বাকী এপ্ৰিচডকেইটা নোচোৱাকৈ নুঠো ৷ জনপ্ৰিয় “নিৰজা”ৰ দৰে ছবি পৰিচালনা কৰা ৰাম মাধৱানীৰ “আৰ্য়া” হৈছে এগৰাকী সাধাৰণ মহিলা কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড’নলৈ ৰূপান্তৰিত হয় তাৰেই কাহিনী ৷ এই প্ৰসংগ সুস্মিতাই কয় “ভগৱানৰ আশীৰ্বাদত মই এটা শক্তিশালী কাহিনীত অভিনয় কৰিবলৈ পাইছো । লগতে হটষ্টাৰৰ দৰে এখন প্লেটফৰ্মও পাইছো ৷ মই মোৰ সৰ্বস্ব দি অভিনয় কৰিছো ৷ আশা কৰো সকলোৱে আদৰি ল’ব ৷ উল্লেখযোগ্য যে বলীউডৰ সকলোতকৈ প্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম সুস্মিতাক আকৌ পৰ্দাত দেখিবলৈ পায় আনন্দ অনুভৱ কৰিছে সকলো অনুৰাগীয়ে।

Exit mobile version