মাৰ্কিন যুক্তৰাষ্ট্ৰত হ’ব বিশ্বৰ প্ৰথমখন যোগ -বিশ্ববিদ্যালয়

Swami Vivekananda ili 96 img 1

মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা হ’ব বিশ্বৰ প্ৰথমখন যোগ বিশ্ববিদ্যালয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লছএঞ্জেলছত স্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়খন ‘বিবেকানন্দ যোগ বিশ্ববিদ্যালয়’ হিচাপে নামকৰণ কৰা হ’ব । বিশ্ববিদ্যালয়খনত ভাৰতৰ সনাতন যোগ সংক্ৰান্ত বিষয়ত অধ্যয়নৰ সুবিধা থাকিব । যোগ বিশ্ববিদ্যালয় খনৰ অধ্যক্ষ হ’ব যোগগুৰু এইছ আৰ নগেন্দ্ৰ । যোগ বিশ্ববিদ্যালয়খনৰ জৰিয়তে যোগৰ বাৰ্তা সমগ্ৰ বিশ্ববাসীকে দিয়া হ’ব।

এই বিশ্ববিদ্যালয়খনৰ মাধ্যমত ভাৰতীয় যোগ বিদ্যাই প্ৰচাৰ আৰু প্ৰসাৰো লাভ কৰিব । এই সন্দৰ্ভত নিউয়ৰ্কত ভাৰতৰ কনচু্‍‍্যলেট কাৰ্যালয়ত এক ‘ভাৰ্চুৱেল’ অনুষ্ঠানৰো আয়োজন কৰা হয় । মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথমখন যোগ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ লোৱা কথা জানিবলৈ পাই এই বিশ্ববিদ্যালয়খনক ‘ভাৰতৰ গৌৰব’ বুলি মন্তব্য কৰে যোগগুৰু বাবা ৰামদেৱে । মাৰ্কিন যুক্তৰাষ্ট্ৰত ইতিমধ্যে চাৰি কোটি লোকে যোগ বিদ্যাৰ নিয়মীয়া অনুশীলন কৰিবলৈ লৈছে।নতুন বিশ্ববিদ্যালয়খনে মাৰ্কিন যুক্তৰাষ্ট্ৰত যোগক অধিক জনপ্ৰিয় কৰি তোলাৰ আশা কৰা হৈছে।

Exit mobile version