লক্ষ্য ভাৰতঃএইবাৰ পাকিস্তানৰ ঘাটিত চীনৰ কুচকাৱাজ

Ladakh road

ভাৰত চীনৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষ সংঘাতৰ তাৎক্ষণিক অৱসানৰ পৰিৱেশ সৃষ্টি হোৱা বুলি কোৱা হৈছে যদিও পুনৰ ইয়াত মামৰে ধৰিছে । লাডাখক লৈ কূটনৈতিক স্তৰত আলোচনা চলিলেও ক্ৰমাৎ বৃদ্ধি যুদ্ধৰ সম্ভাৱনা । চীনে আগ্ৰাসী ৰূপৰ পৰা আঁতৰি নহাৰ কথা স্পষ্ট কৰিছে পাকিস্তানত পৰিলক্ষিত হোৱা চীনে বায়ুসেনাৰ তৎপৰতাই সূত্ৰত প্ৰকাশ যে পাকিস্তানৰ তিনিটা বিমানঘাটিত অৱস্থান কৰা হৈছে বায়ু সেনাৰ যুদ্ধ বিমান  । পাকিস্তানৰ কান্দানৱাৰী, ৰহিম জাৰ খান আৰু ছুককুৰ বিমানঘাটিত সমবেত হৈছে ৰঙাচীনৰ কে’বাশ জোৱান । পাক ঘাটিসমূহত চীনৰ প্ৰায় ২০ জন জোৱান জে এফ ১৭, জে ২০সহ অন্যান্য বিমান আছে বুলি সূত্ৰত প্ৰকাশ । সমগ্ৰ পৰিস্থিতিৰ ওপৰত চোকাদৃষ্টি ৰাখিছে ভাৰতে ৷ চীন আৰু পাকিস্তানৰ স’তে যুঁজিবলৈ সাজু ভাৰতীয় বায়ুসেনা ৷ সামৰিক শক্তি বৃদ্ধি কৰিবলৈ ৰাছিয়াৰ পৰা মিছাইল আমদানি কৰিব । লাডাখত একেৰাহে টহল দিছে ভাৰতৰ ছুইখ ৩০ যুদ্ধ বিমানে ৷

ইপিনে, সূত্ৰত প্ৰকাশ যে দুই দেশৰ মাজত যুদ্ধ হ’লে পাকিস্তানৰ সহায়ত পঞ্জাৱ, ৰাজস্থান আৰু পাক অধিকৃত কাশ্মীৰৰ দিশলৈ ছেকেণ্ড ফ্ৰণ্ট খুলিব পাৰিব চীনে ৷ এই মতামত বিশেষজ্ঞৰ । কালি সম্পন্ন হোৱা ৰুদ্ধদ্বাৰ ভিডিঅ’ বৈঠকত ভাৰত চীনৰ মাজত সুৰ নৰম আছিল বুলি কুটনৈতিক সূত্ৰই দাবী কৰে । অথচ ২৪ ঘন্টাৰ ভিতৰতে ইয়াৰ ওলোটা বহিঃপ্ৰকাশ দেখা গ’ল । ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ আৰু নতুন দিল্লীত নিযুক্ত চীনৰ ৰাষ্ট্ৰদূত কৌশলী স্থিতি গ্ৰহণ কৰি পৰস্পৰৰ প্ৰতি আঙুলি টোৱালে৷ বিশেষজ্ঞসকলৰ মতে, লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আঁকোৰগোজ স্থিতি গ্ৰহণ কৰি থকা দুই পক্ষৰ সেনা সাময়িকভাবে অপসাৰিত হ’লেও গালৱান উপত্যকা চীনৰ কোপদৃষ্টিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিবলৈ এতিয়া ভাৰতে বহুদূৰ বাট খোজ কাঢ়িব লাগিব । ভাৰতৰ অভিযোগ অনুসৰি একপক্ষীয়ভাৱে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিতাৱস্থা আৰু সীমান্ত চুক্তি ভংগ কৰিছে চীনে ৷ মে’ৰ শেষৰ ফালে প্ৰচুৰ পৰিমাণৰ সেনাৰ সমাবেশ কৰিছে চীন । ইপিনে প্ৰায় এক সময়তে দিল্লীত চীনৰ ৰাষ্ট্ৰদূতে সাক্ষাৎকাৰত ভাৰতক দোষ জাপি দি কয় যে ভাৰতে গ্ৰহণ কৰা পদক্ষেপ দ্বিপাক্ষিক চুক্তি ভংগকাৰী । একে সময়তে চীনে কয় যে যোৱা ১৫ জুনৰ লাডাখৰ গালৱান উপত্যকাত দুই দেশৰ সেনাৰ মাজত সংঘটিত ৰক্তাক্ত সংঘৰ্ষৰ বাবে ভাৰত দায়ী।

Exit mobile version