ব্যস্ত মহানগৰীত গোমা পৰিবেশ

ghy

মহানগৰীত ১৪ দিনীয়া তলাবন্ধৰ আজি প্ৰথমটো দিন। এই প্ৰথমটো দিনত দেখা পোৱা গ’ল ব্যস্ত মহানগৰীৰ নিস্তব্ধ পৰিবেশ। ৰাজপথ প্ৰায় শূন্য ৷দুই এখন জৰুৰীকালীন বাহনৰ বাহিৰে চলাচল প্ৰায় ব্যাহত হৈ পৰিছে ৷যি দুই এখন জৰুৰীকালীন বাহন চলিছে তাতো আৰক্ষীয়ে চলাইছে তীব্ৰ তালাছী ৷

তলাবন্ধত ওলাব পৰাকৈ প্ৰয়োজনীয় নথিপত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰিহে আৰক্ষীয়ে বাহনসমূহ চলাবলৈ দিছে ।নহ’লে সকলো বাহন বন্ধ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।উল্লেখযোগ্য যে পূৰ্বতকৈ এইবাৰ প্ৰশাসন কঠোৰ হোৱা দেখা গৈছে ।পূৰ্বতে বহুলোকে তলাবন্ধৰ নীতি নিয়ম উলংঘা কৰা দেখা গৈছিল ।কিন্তু এইবাৰ তলাবন্ধ উলংঘা কৰিলে জেইলত যাব লাগিব বুলি কৈছে প্ৰশাসনে ।ইতিমধ্যে জনসাধাৰণেও এই তলাবন্ধত পূৰ্ণ সহাঁৰি দিছে ৷

আনহাতে মহানগৰীৰ খানাপাৰাত যিহেতু উজনি অসমৰ দুৱাৰমুখ ৷ তাত যথেষ্ট সংখ্যক বাহন দেখিবলৈ পোৱা যায়। মেঘালয়ৰ পৰাও ইতিমধ্যে বহু বাহন আহিছে৷ প্ৰশাসনে সকলোৰে নথি পত্ৰ পৰীক্ষা কৰিছে। প্ৰয়োজনীয় নথিপত্ৰ নথকা বহু বাহনক আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীৰ ভাষ্য অনুসৰি ৰোগী কঢ়িওৱা বাহন,ফ্লাইটৰ টিকট বা ৰেলৰ টিকট থকা বাহনসমূহে যাবলৈ দিয়া হৈছে ৷

Exit mobile version