আমিৰ খানৰ বাসগৃহত কৰ’নাৰ প্ৰবেশ

215889653.jpg.gallery

বলীউডৰ আগশাৰীৰ চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰ আৰু বনি কাপুৰৰ পৰিয়ালৰ পাছত কৰ’না সংক্ৰমিত হ’ল মহাতাৰকা অভিনেতা আমিৰ খানৰ বাসগৃহলৈ। প্ৰকাশিত বাতৰি অনুসৰি আমিৰৰ ঘৰত পৰিচাৰক হিচাপে কাম কৰা সাতজন লোকৰ শৰীৰত ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে । সংক্ৰমিত লোককেইজনৰ দুজন হৈছে আমিৰৰ বাসগৃহৰ ৰান্ধনী ৷ কৰ’নাৰ সংক্ৰমণ চিনাক্ত হোৱাৰ পাছত আটাইকেইজনকে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় ৷ ইফালে পৰিচাৰকৰ শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ধৰা পৰাৰ পাছত আমিৰ আৰু তেওঁৰ মাতৃৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে । নিজৰ ঘৰত কৰ’না সংক্ৰমণ ধৰা পৰাৰ কথা আমিৰে নিজে টুইটত প্ৰকাশ কৰিছে ৷

Exit mobile version