জয়পুৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা এজন যুৱকৰ পলায়ন 

unnamed 4

নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিক কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা আজি দুপৰীয়া বহিঃৰাজ্যৰ পৰা অহা এজন যুৱক পলায়ন কৰে । বাইপন কুমাৰ (২২) নামৰ যুৱকজন যোৱা ২৬ জুনত ব্ৰহ্মপুত্ৰ মেইল যোগে দিল্লীৰ পৰা আহি ডিব্ৰুগড় বাণিপুৰ ষ্টেচনত নমাৰ পিছত উক্ত ষ্টেচনতে লেলাউতিৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি নাহৰকটীয়াৰ জয়পুৰস্থিত জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিক কেন্দ্ৰত কোৱাৰেন্টাইন হৈ আছিল।

কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আজি দুপৰীয়া গা ধোৱাৰ অজুহাত লৈ কেন্দ্ৰটোৰ পিছফালৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত কেন্দ্ৰটোৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া জেহেৰুল হুছেইনে জয়পুৰ আৰক্ষী থানাত গোচৰ দিয়াৰ লগতে  নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম চেত্ৰীয়ে কেন্দ্ৰটোত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে ৷ ইতিমধ্যে জয়পুৰ আৰক্ষীয়ে ৪৪/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি যুৱকজনৰ সন্ধান অব্যাহত ৰাখিছে ৷ আৰু কোনো লোকে যুৱকজনৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনাইছে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে।

Exit mobile version