টিকটকৰ সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া চীনৰ

tiktok

1133793996

কেন্দ্ৰীয় চৰকাৰে চীনৰ ৫৯ টা এপ ভাৰতত নিষিদ্ধ কৰাৰ পিছত সকলোৰে মনত এটাই প্ৰশ্ন,যে এতিয়া চীনৰ প্ৰতিক্ৰিয়া কি হ’ব ? কিন্তু শেহতীয়াকৈ সকলো উৎকণ্ঠাৰ অন্ত পেলাই ভাৰতৰ এই সিদ্ধান্তৰ পিছত চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ে কয় যে এই সমগ্ৰ বিষয়টো চিন্তনীয় ৷ আমি বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিম ৷ ইয়াৰ পূৰ্বে টিকটক ইণ্ডিয়াই কয় যে আমি ভাৰতীয় আইন পালন কৰিম ৷ এ এন আইৰ অনুসৰি এপলৰ এপ ষ্ট’ৰ আৰু গুগলৰ প্লে’ ষ্টৰ’ৰ পৰা টিকটক এপটোক আঁতৰাই দিয়া হ’ব ৷

আনহাতে টিক টক ইণ্ডিয়াৰ চি ই অ’ নিখিল গান্ধীয়ে কয় “আমি ভাৰতীয় আইনৰ সকলো ডাটা প্ৰাইভেছী আৰু সুৰক্ষাৰ সকলো নিয়ম পালন কৰিছো ৷” নিখিল গান্ধীয়ে লগতে কয় যে টিকটক ১৪ টা ভাষাত উপলব্ধ ৷ ইয়াত লাখ লাখ চিত্ৰনাট্যকাৰ, অভিনেতা, অভিনেত্ৰীয়ে নিজৰ প্ৰতিভা দেখুৱাই। আনহাতে তামিলনাডুৰ বিৰুদুনগৰৰ সাংসদ মনিকম ঠাকুৰে মোবাইল পেমেন্ট এপ পেটিএমকো নিষিদ্ধ কৰিবলৈ আহ্বান কৰিছে ভাৰত চৰকাৰক ৷ এক টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলে এই আহ্বান কৰে সাংসদজনে ৷

উল্লেখযোগ্য যে ভাৰত চীনৰ গালৱান উপত্যকাৰ সংঘাতৰ পৰিণাম স্বৰূপে কেন্দ্ৰীয় চৰকাৰে চীনৰ প্ৰায় ৫৯ টাকৈ এপ ভাৰতত নিষিদ্ধ কৰে ৷ ভাৰত চৰকাৰৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। ইফালে ভাৰত চৰকাৰে নিষিদ্ধ কৰা এপসমূহৰ ভিতৰত আছে যুৱক যুৱতীৰ মাজত জনপ্ৰিয় টিকটক, শ্বেয়াৰইট, কেৱাই, ইউচি ব্ৰাউজাৰ, শ্বেইন, ক্লেচ অফ কিংছ, ডি য়ু বেটাৰী, হেলো, লাইকি, ভাইৰাছ ক্লীনাৰ, বিউটি প্লাছ আদি এপসমূহ নিষিদ্ধ কৰিছে ভাৰতত।

আনহাতে এই এপসমূহৰ ওপৰত দীৰ্ঘদিনৰ পৰা বিভিন্ন অভিযোগ লাভ কৰি অহা বুলি উল্লেখ কৰিছে ভাৰত চৰকাৰে । উল্লেখযোগ্য যে চীন ভাৰতৰ উচ্চ পদস্থ বিভিন্ন বৈঠকৰ পিছতো অতপালি হ্ৰাস পোৱা নাছিল ৰঙা চীনৰ ৷ ইয়াৰ পিছত ভাৰতৰ বিভিন্ন ক্ষেত্ৰত চীনৰ এপসমূহ পৰিহাৰ কৰিবলৈ জনগনে প্ৰতিবাদ কৰিছিল ৷ শেহতীয়াকৈ ভাৰত চৰকাৰে লোৱা এই সিদ্ধান্তত আদৰণি জনাইছে ভাৰতৰ জনগনে ৷

Exit mobile version