যশৰাজ ফিল্মছৰ স’তে তিনি ছবিৰ চুক্তি সম্পূৰ্ণ হোৱা নাছিল সুশান্তৰ

M Id 417165 Shuddh Desi Romance

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তত মুম্বাই আৰক্ষীয়ে কেতবোৰ নতুন তথ্য লাভ কৰিলে ৷ সুশান্তৰ মৃত্যুৰ পাছতে তেওঁৰ অনুৰাগীসকলে বলীউডৰ এক নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱাইছিল ৷ এই ঘটনাৰ তদন্তত মুম্বাইৰ আৰক্ষীয়ে বিভিন্ন ব্যক্তিক জেৰা কৰাৰ লগতে যশৰাজ ফিল্মছৰ পৰা সুশান্তৰ স’তে হোৱা চুক্তিপত্ৰৰ সবিশেষ সংগ্ৰহ কৰিছিল ৷ উল্লেখযোগ্য যে ২০১২ ত যশৰাজ টেলেন্ট মেজেনমেন্টৰ স’তে সুশান্ত চুক্তিবদ্ধ  হৈছিল । যশৰাজ ফিল্মছৰ দুখন ছবি “শুদ্ধ দেশী ৰোমাঞ্চ”, “ব্যোমকেশ বক্সী”ত সুশান্তে অভিনয় কৰিছিল ।

ইয়াৰ পাছত সুশান্তই একেটা প্ৰকাডছনৰ “পানী” ছবিখনত অভিনয় কৰাৰ কথা আছিল যদিও ২০১৫ ৰ শেষৰ ফালে পৰিচালক শেখৰ কাপুৰে যশৰাজ ফিল্মছৰ এই ছবিখন পৰিচালনাৰ দায়িত্বৰ পৰা আঁতৰি আহিছিল ৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি “শুদ্ধ দেশী ৰোমাঞ্চ”ৰ বাবদ যশৰাজৰ পৰা সুশান্তই সুশান্তই লাভ কৰিছিল ৩০ লাখ টকা। আৰু চুক্তিপত্ৰত ছবিখন হিট হ’লে অভিনেতাজনে পুনৰ ৬০ লাখ টকা লাভ কৰিব বুলি উল্লেখ আছিল । দ্বিতীয়খন ছবি “বোমকেশ বক্সী”ৰ বাবদ সুশান্তই এক কোটি টকা লাভ কৰিছিল আৰু তৃতীয় ছবি “পানী” ত অভিনয়ৰ বাবেও তেওঁক যশৰাজে এক কোটি টকা আদায় দিব বুলি চুক্তিপত্ৰত উল্লেখ কৰিছিল।

Exit mobile version